কৰিমগঞ্জ, 11 আগষ্ট: বৰাকৰ প্ৰৱল-প্ৰতাপী প্ৰাক্তন কংগ্ৰেছী নেতা গৌতম ৰয়ে কংগ্ৰেছ ত্যাগ কৰি বিজেপি যোগদান কৰাৰ পাছত এতিয়া ৰয়ৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ছিদ্দেক আহমেদ ৷ দেওবাৰে এখন সংবাদমেল যোগে ন-বিজেপি গৌতম ৰয়ক থকা-সৰকা কৰে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷ " কংগ্ৰেছৰ এতিয়া বেয়া দিন চলি আছে আৰু বিজেপিৰ ভাল দিন, বিশেষকৈ লোকসভা নিৰ্বাচনৰ পাছত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰত বিজেপি চৰকাৰ থকাৰ সুবিধা লবলৈ এতিয়া উঠি-পৰি লাগিছে একাংশ সুবিধাবাদী লোক যাৰ ফলত এতিয়া বিজেপিলৈ সুত বৈছে বহুতৰ ", ছিদ্দিক আহমেদে কয় ৷ "বেয়া দিনত দল ত্যাগ কৰা অনুচিত, কংগ্ৰেছৰ ভাল দিনত বহু নেতাই কংগ্ৰেছত যোগদান কৰিছিল" তেও কয় ৷
বেয়া দিনত দল এৰা গৌতম ৰয় সুবিধাবাদী : ছিদ্দেক আহমেদ
আজি দিনত যিয়ে কেৱল হিন্দু-মুছলমান কৰে সিয়ে ডাঙৰ নেতা ৷ বিজেপি নেতা হ'বলৈ হলে মুছলমানক গালি পাৰিবলৈ পাৰিব লাগিব ৷
এই দল ত্যাগৰ পৰম্পৰা বহু আগৰ পৰাই চলি আহিছে আৰু চলি থাকিব বুলি উল্লেখ কৰি তেও নাম নোলোৱাকৈ দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ এগৰাকী বিধায়কক তীব্ৰ কটাক্ষ কৰি কয় "বিজেপিত বৰ্তমান এনেকুৱা এজন নেতা আছে যিজন, প্ৰথমে অগপ চৰকাৰ থাকোতে অগপত আছিল, কংগ্ৰেছৰ চৰকাৰ হোৱাৰ পাছত কংগ্ৰেছলৈ আহিছে, পিছত তৃণমূল কংগ্ৰেছ আৰু এআইইউডিএফত গৈ শেষত এতিয়া বিজেপিত যোগদান কৰিছে" । প্ৰাক্তন মন্ত্ৰী গৰাকীৰ মতে বৰ্তমানৰ ৰাজনীতিত কোনো ধৰণৰ উন্নয়নমূলক কাম কাজ নাই ৷ পিছে নিজকে বৰাকৰ অঘোষিত ৰজা আখ্যা দিয়া ন গেৰুৱা বসন পিন্ধা গৌতম ৰয়ে কি দৰে প্ৰতুত্যৰ দিয়ে সেয়াহে লক্ষণীয় হব ৷