অসম

assam

ETV Bharat / state

শিৱানী হত্যাকাণ্ড:আজিও গ্ৰেপ্তাৰ নহ’ল অপৰাধী - Shibani massacre

হত্যাকাণ্ডৰ আজি সাত দিন অতিবাহিত হোৱাৰ পিছতো কৰিমগঞ্জৰ আৰক্ষীয়ে অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ’ল ৷ স্থানীয় দল সংগঠনৰ অভিযোগ, কৰিমগঞ্জৰ আৰক্ষীয়ে দোষীক বচাবলৈহে কৰিছে চেষ্টা ।

Shibani massacre: no arrest
শিৱানী হত্যাকাণ্ড:আজিও গ্ৰেপ্তাৰ নহ’ল অপৰাধী

By

Published : Oct 6, 2020, 12:58 PM IST

কৰিমগঞ্জ, ৬অক্টোবৰ: কৰিমগঞ্জৰ শিৱানী হত্যাকাণ্ডৰ আজি সাত দিন অতিবাহিত হোৱাৰ পিছতো কৰিমগঞ্জৰ আৰক্ষীয়ে অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ’ল ৷ অভিযুক্ত প্ৰেমীক শ্যামল নামৰ যুৱকজনকো ধৰিব পৰা নাই আৰক্ষীয়ে । ইয়াৰ প্ৰতিবাদত সোমবাৰে চহৰখনৰ ৰাজপথলৈ ওলাই আহিল বহুকেইটা সংগঠনৰ লগতে নিৰ্যাতিতাৰ দুৰ্ভগীয়া পিতৃ-মাতৃয়ে অভিযোগ তুলিলে কৰিমগঞ্জৰ আৰক্ষীৰ ওপৰত ৷

শিৱানী হত্যাকাণ্ড:আজিও গ্ৰেপ্তাৰ নহ’ল অপৰাধী

হত্যাকাণ্ডৰ লগত জড়িত দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবীৰে অল ইণ্ডিয়া ডি.এস.ও.কে ধৰি আন বহুকেইটা সংগঠনৰ সদস্যই উত্তাল কৰি তুলে সীমান্ত চহৰখন। এইসকলৰ অভিযোগ, কৰিমগঞ্জৰ আৰক্ষীয়ে দোষীক বচাবলৈহে কৰিছে চেষ্টা । আগন্তুক 48 ঘণ্টাৰ ভিতৰত দোষীক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰিলে অধিক তীব্ৰ ৰূপত আন্দোলন সাব্যস্ত কৰিব বুলি প্ৰদান কৰিলে সকিয়নি ।

লগতে পঢ়ক:মাছ,গাহৰি পালনেৰে স্বাৱলম্বীতাৰ পথ বাচি লোৱা এটা আত্নসহায়ক গোট

ABOUT THE AUTHOR

...view details