অসম

assam

ৰাতাবাৰীৰ ৰাইজে আজিও নাপালে বিশুদ্ধ খোৱাপানী

By

Published : Apr 12, 2021, 12:43 PM IST

Updated : Apr 12, 2021, 12:55 PM IST

ৰাতাবাৰী সমষ্টিৰ অন্তৰ্গত ভেটাৰবন্দ গাঁও পঞ্চায়ৰ আমটিলা, পূৱ ফনাই, মহাবীৰগঞ্জ, দৌলতপুৰ গাঁৱত বিশুদ্ধ খোৱা পানীৰ বাবে নিতৌ জীয়াতু ভুগিবলগীয়া হৈছে ৰাইজে । চৰকাৰী পানী যোগান আঁচনিৰ পৰা বঞ্চিত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে বিগত কেইবাবছৰ ধৰি জনপ্ৰতিনিধি আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়ববীয়াৰ ওচৰত এই জলন্ত সমস্যাটো সমাধানৰ বাবে আবেদন নিবেদন কৰি আহিছিল যদিও কোনো সুফল নাপালে ৷

এটুপি খোৱা পানীৰ বাবে হাহাকাৰ ৰাতাবাৰিবাসী
এটুপি খোৱা পানীৰ বাবে হাহাকাৰ ৰাতাবাৰিবাসী

কৰিমগঞ্জ, 12 এপ্ৰিল :ৰাতাবাৰী সমষ্টিৰ অন্তৰ্গত ভেটাৰবন্দ গাঁও পঞ্চায়ৰ আমটিলা, পুব ফনাই, মহাবীৰগঞ্জ, দৌলতপুৰ গাঁৱত বিশুদ্ধ খোৱা পানীৰ বাবে নিতৌ জীয়াতু ভুগিবলগীয়া হৈছে ৰাইজে । চৰকাৰী পানী যোগান আঁচনিৰ পৰা বঞ্চিত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে বিগত কেইবাবছৰ ধৰি জনপ্ৰতিনিধি আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়ববীয়াৰ ওচৰত এই জলন্ত সমস্যাটো সমাধানৰ বাবে আবেদন নিবেদন কৰি আহিছিল যদিও কোনো সুফল নাপালে ৷

উল্লেখ্য যে, এই সমগ্ৰ অঞ্চলটোত প্ৰায় 1000 টা পৰিয়াল আছে ৷ এই লোক সকল স্বাধীনতাৰ সময়ৰে পৰা গাঁওখনত বাস কৰি আছে। দেশৰ স্বাধীনতা লাভৰ 70 বছৰ পাচতো গাঁওখনৰ বাসিন্দাসকলে এতিয়াও এটুপি বিশুদ্ধ খোৱাপানীৰ সুবিধা লাভ কৰা নাই। স্থানীয় লোকে সদৰি কৰা মতে গাঁওখনত এটা অংগনবাদী কেন্দ্ৰ আৰু দুখন নিম্ন বুনিয়াদী বিদ্যালয় আছে ৷ কিন্তু তাত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা নাই।

এটুপি খোৱা পানীৰ বাবে হাহাকাৰ ৰাতাবাৰিবাসী

বিশুদ্ধ খোৱাপানীৰ অভাৱত 374 নং আমটিলা এল.পি স্কুলৰ কণমানি ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলো সমস্যা সন্মুখীন হৈ আহিছে ৷ গাঁৱৰ পৰা 2 কি:মি: মান দূৰত থকা ফনাইছৰা নামৰ সৰু এখন নৈয়ে হৈছে ৰাইজৰ পানীৰ একমাত্ৰ উৎস। এনে পৰিপেক্ষিততে সমগ্ৰ অঞ্চলটোৰ খোৱা পানীৰ সমস্যা সমাধানৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলটোৰ ৰাইজে ৷

লগতে পঢ়ক:তিপ্ৰা মথাৰ প্ৰস্তাৱিত বিজয় সমদল স্থগিত

Last Updated : Apr 12, 2021, 12:55 PM IST

ABOUT THE AUTHOR

...view details