অসম

assam

ETV Bharat / state

কৰিমগঞ্জৰ চিপেনজুৰি চাহ বাগিছাৰ কৰ্মচাৰীৰ নাই মজুৰি - জিলাশাসক এম.মনিভান্নান

1888 চনত সৃষ্টি হোৱা কৰিমগঞ্জৰ চিপেনজুৰি চাহ বাগিছাখনৰ অৱস্থা শোচনীয়, বাগিছাখনৰ কৰ্মচাৰীৰ নাই মজুৰি। শ্ৰমিকক মজুৰি দিব নোৱাৰি পলায়ন কৰিলে বাগিছাৰ পৰিচালকে

কৰিমগঞ্জৰ চিপেনজুৰি চাহ বাগিছাৰ কৰ্মচাৰীৰ নাই মজুৰি

By

Published : Jun 27, 2019, 10:00 PM IST

Updated : Jun 27, 2019, 10:07 PM IST

কৰিমগঞ্জ,২৭জুন: অচলাবস্থাত কৰিমগঞ্জৰ চিপেনজুৰি চাহ বাগিছা। শ্ৰমিকৰ প্ৰাপ্য ধন দিব নোৱাৰি পলায়ন কৰিলে বাগিছাৰ পৰিচালকে ।

কৰিমগঞ্জৰ চিপেনজুৰি চাহ বাগিছাৰ কৰ্মচাৰীৰ নাই মজুৰি

ব্ৰিটিছ চৰকাৰৰ কাৰ্যকাল চলি থকাৰ সময়তে 1888 চনত চিপেনজুৰি চাহ বাগিছাখনৰ গঠন হৈছিল। 1988 চনত ব্যক্তিগতকৰণ কৰা হৈছিল কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিৰ অসম-ত্ৰিপুৰা সীমান্তৱৰ্তী এই চিপেনজুৰি চাহ বাগিছাখন। স্বচ্চ বাগিছা হিচাপেও স্বীকৃতি লাভ কৰিছিল চিপেনজুৰি চাহ বাগিছাই। কিন্তু সকলো ঠিকে থকাৰ পাছতো বিগত ৬মাহৰ পৰা বাগিছাখনৰ সকলো কৰ্মীৰ বন্ধ হৈ আছে দৰমহা। বাগিছাখনৰ চাহ পাত তোলা কৰ্মীসকলৰো বন্ধ হৈ আছে সাপ্তাহিক মজুৰি। শ্ৰমিকৰ প্ৰাপ্য ধন দিব নোৱাৰি পলায়ন কৰিছে বাগিচাখনৰ পৰিচালক প্ৰণৱ মজুমদাৰে। আনকি বাগিছাখনত থকা হাস্পতালত পাবলৈ নাই ঔষধ । যাৰ বাবে বাগিছাখনত সৃষ্টি হৈছে এতিয়া হাহাকাৰ পৰিস্থিতিৰ। 1956 চনৰ লেবাৰ আইন অনুসৰি কৰ্মচাৰীসকলক সকলো সা-সুবিধা দিব লাগে যদিও সকলো সুবিধাৰ পৰা বঞ্চিত হৈ আছে বাগিছাখনৰ কৰ্মচাৰীসকল। বাগিছাখনৰ অৱস্থা শোচনীয় হৈ যোৱাত বৃহস্পতিবাৰে শ্ৰমিকসকলে কাষ চাপে কৰিমগঞ্জৰ উপায়ুক্ত এম.মনিভান্নানৰ। ইয়াৰ পাছতেই শ্ৰমিকসকলে স্থানীয় বিধায়কলৈ প্ৰেৰণ কৰে এখন স্মাৰকপত্ৰও।

Last Updated : Jun 27, 2019, 10:07 PM IST

ABOUT THE AUTHOR

...view details