কৰিমগঞ্জ,25 ফেব্ৰুৱাৰীঃৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰত্যেক দিনাই জব্দ হৈ আছে বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ৷
বুধবাৰে বিয়লিৰ ভাগত কৰিমগঞ্জৰ বিএছএফ আৰু সদৰ আৰক্ষীৰ যৌথ অভিযানত জব্দ বিপুল পৰিমাণৰ নিচাজাতীয় ইয়াবা টেবলেট ৷ গোপন সূত্ৰৰ পম খেদি ভাৰত-বাংলাদেশ সীমান্তৰ মোবাৰকপুৰৰ পৰা কৰিমগঞ্জ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় চাৰি হাজাৰ ইয়াবা টেবলেট ৷ যাৰ বজাৰ মূল্য বহু লাখ টকা বুলি অনুমান কৰিছে আৰক্ষীয়ে ৷