অসম

assam

ETV Bharat / state

কৰিমগঞ্জত উচ্ছেদ অবৈধ কাঠ ফলা মিল - অবৈধ কাঠ ফলা মিল উচ্ছেদ

কৰিমগঞ্জৰ দোহালীয়া বন সংমণ্ডলৰ অন্তৰ্গত নাৰাইনপুৰত বন বিভাগে চলোৱা অভিযানত এটা অবৈধ কাঠ ফলা মিল উচ্ছেদ কৰাাৰ লগতে বহু মূল্যৱান কাঠ জব্দ । জব্দ কৰা সামগ্ৰীৰ মূল্য প্ৰায় দুই লক্ষাধিক টকা বুলি জানিব পৰা গৈছে ।

কৰিমগঞ্জত উচ্ছেদ অবৈধ কাঠ ফলা মিল
কৰিমগঞ্জত উচ্ছেদ অবৈধ কাঠ ফলা মিল

By

Published : Jan 11, 2021, 3:15 PM IST

কৰিমগঞ্জ, ১১ জানুৱাৰী: ৰাজ্যত অব্যাহত আছে অবৈধ বেহা । ক্ৰমাৎ বৃদ্ধি পাই আহিছে অবৈধ কাঠৰ বেহা । বনজ সম্পদ ৰক্ষাৰ প্ৰতিশ্ৰুতি দি শাসনৰ গাদী দখল কৰা বিজেপি নেতৃত্বাধীন চৰকাৰখনে লগতে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যইও প্ৰতিৰোধ কৰিব পৰা নাই বনজ সম্পদ ধ্বংস হৈ অহাৰ কোনোধৰণৰ সমস্যা । বৰং বাঢ়িহে আহিছে ধ্বংসযজ্ঞ । ৰাজ্যৰ কৰিমগঞ্জ জিলাত চলি আছে চোৰাং ব্যৱসায় ।

কৰিমগঞ্জত উচ্ছেদ অবৈধ কাঠ ফলা মিল

জানিব পৰামতে,কৰিমগঞ্জৰ দোহালীয়া বন সংমণ্ডলৰ অন্তৰ্গত নাৰাইনপুৰত বন বিভাগে চলোৱা অভিযানত এটা অবৈধ কাঠ ফলা মিল উচ্ছেদ কৰাৰ লগতে বহু মূল্যৱান কাঠ জব্দ কৰে । বনবিভাগে এই মিলটোৰ পৰা ২৫ চিএফটি ফলা কাঠ আৰু ৬০ চিএফটি চেগুনৰ কুন্দা জব্দ কৰিবলৈ সক্ষম হৈছে । বনাঞ্চলৰ পৰা অবৈধভাৱে গছ কাটি মজুত কৰি ৰখা হৈছিল উক্ত মিলটোত ।

কৰিমগঞ্জত উচ্ছেদ অবৈধ কাঠ ফলা মিল

জব্দ কৰা সামগ্ৰীৰ মূল্য প্ৰায় দুই লক্ষাধিক টকা বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে ।

লগতে পঢ়ক: সোমবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব জে পি নাড্ডা

ABOUT THE AUTHOR

...view details