কৰিমগঞ্জ, ২৬ এপ্ৰিল: কৰিমগঞ্জৰ নিলামবজাৰত বৃহস্পতিবাৰে ৰাইজৰ হাতত আটক হয় মগু আৰু মাটিমাহ দালিৰ বীজ কঢ়িওৱা দুখনকৈ মেজিক ট্ৰাক । নিশাৰ ভাগত কোনো ধৰণৰ বৈধ কাগজ নথকা বাহন কেইখনত আছিল কৃষি বিভাগে যোগান ধৰা মগু দালি 7 বস্তা আৰু মাটিমাহ 106 বস্তা । আটকাধীন বাহন দুখনৰ নম্বৰ হৈছে AS ১১ AC ৬০৬৯ আৰু AS ১০ C ৫৭০৯ । এই বীজখিনি দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক আজিজ আহমেদ খানৰ ঘৰলৈ লৈ যোৱাৰ কথা আছিল বুলি বাহনৰ চালকে জানিবলৈ দিয়ে ।
কৃষি বিভাগে যোগান ধৰা বীজ জব্দ - ETV BHARAT
কৰিমগঞ্জৰ নিলামবজাৰত দুখনকৈ মেজিকত কঢ়িয়াই নিয়া বৃহৎ পৰিমাণৰ মগু আৰু মাটিমাহৰ বীজ উদ্ধাৰ হৈছে । এই বীজখিনি দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক আজিজ আহমেদ খানৰ ঘৰলৈ লৈ যোৱাৰ কথা আছিল বুলি বাহনৰ চালকে জানিবলৈ দিয়ে ।
কৰিমগঞ্জত কৃষি বিভাগৰ বীজ জব্দ
এই সন্দৰ্ভত নিশাৰ ভাগত নিলামবজাৰ আৰক্ষী থানাত এখন গোচৰো ৰুজু কৰা হৈছে । ইপিনে বিজেপি নেত্ৰী শিপ্ৰা গুনে জানিবলৈ দিয়া অনুসৰি কৃষি বিভাগৰ বীজ লৈ দক্ষিণ কৰিমগঞ্জৰ বিধায়ক আজিজ আহমেদ খানে ৰাজনীতি কৰিছে ।