কৰিমগঞ্জ,11 এপ্ৰিলঃ ত্ৰিপুৰাত দ্বিতীয়জন কৰ'ণাত আক্ৰান্ত ৰোগী চিনাক্ত ৷ ত্ৰিপুৰা ৰাজ্যিক আৰক্ষীত কৰ্মৰত জোৱান এগৰাকীৰ শৰীৰত ধৰা পৰিল কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৷ আক্ৰান্ত লোক গৰাকী কৰ্মসূত্ৰে ত্ৰিপুৰাত থাকে যদিও তেওঁ মূলতঃ মধ্যপ্ৰদেশৰ বাসিন্দা ৷ উল্লেখ্য যে, আৰক্ষী জোৱানজন ত্ৰিপুৰাত চিনাক্ত প্ৰথম ৰোগীজনৰ ভ্ৰমণ সংগী আছিল । গুৱাহাটীৰ পৰা ত্ৰিপুৰা সুন্দৰী ট্ৰেইনত যোৱা আৰক্ষী জোৱানজন 18 মাৰ্চত ত্ৰিপুৰাত প্ৰৱেশ কৰিছিল আৰু এই কথা টুইট যোগে সদৰি কৰিছে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে । বৰ্তমান উত্তৰ ত্ৰিপুৰাৰ দামছৰাত আক্ৰান্ত জোৱানজনক অস্থায়ী ভাৱে কোৱাৰেন্টাইন কৰা হৈছে । লগতে ত্ৰিপুৰা সুন্দৰী ট্ৰেইনৰ সেই বিশেষ দবাটোৰ যাত্ৰী সকলৰ তথ্য বিচাৰি ত্ৰিপুৰা আৰক্ষীয়ে ইতিমধ্যে কাছাৰ প্ৰশাসনৰ লগত যোগাযোগ কৰিছে । একাংশ যাত্ৰী চিনাক্ত হৈছে যদিও বহু যাত্ৰীৰে এই পৰ্যন্ত কোনোধৰণৰ তথ্য ওলোৱা নাই ৷
ত্ৰিপুৰ সুন্দৰী ট্ৰেইন যোগে গুৱাহাটীৰ পৰা গৈছিল ত্ৰিপুৰাৰ দ্বিতীয়জন কৰ'ণা আক্ৰান্ত ৰোগী - ত্ৰিপুৰাৰ এগৰাকী আৰক্ষী জোৱান
এইবাৰ কৰ'ণা ভাইৰাছৰ বলি হৈছে ত্ৰিপুৰাৰ এগৰাকী আৰক্ষী জোৱান ৷ আৰক্ষী জোৱানজন ত্ৰিপুৰাত চিনাক্ত প্ৰথমজন ৰোগীৰ ভ্ৰমণ সংগী আছিল । ইফালে আক্ৰান্ত জোৱান গৰাকী 18 মাৰ্চৰ দিনা ত্ৰিপুৰা সুন্দৰী নামৰ ট্ৰেইনখনত বৰাক উপত্যকা হৈ ত্ৰিপুৰালৈ গৈছিল ৷
ত্ৰিপুৰাত চিনাক্ত হৈছে দ্বিতীয়জন কৰ'ণাত আক্ৰান্ত ৰোগী
ত্ৰিপুৰাত চিনাক্ত হৈছে দ্বিতীয়জন কৰ'ণাত আক্ৰান্ত ৰোগী
ত্ৰিপুৰা সুন্দৰী ট্ৰেইনখন বৰাক উপত্যকা হৈ ত্ৰিপুৰালৈকে যায় । আনকি বৰাকৰ কেইবাটাও ষ্টেচনত ট্ৰেইনখন ৰখাই সেয়ে বৰাকৰো বহু যাত্ৰী সেই বিশেষ দবাটোত থকাৰ আশংকা কৰা হৈছে । গতিকে অসম চৰকাৰেও বিষয়টো গুৰুত্ব সহকাৰে লোৱাটো প্ৰয়োজনীয় হৈ পৰিছে ৷
লগতে পঢ়কঃভাল খবৰঃ COVID-19 ৰ পৰা মুক্ত ৰাজ্যৰ পাঁচগৰাকী আক্ৰান্ত
Last Updated : Apr 11, 2020, 6:28 PM IST