নিউজ ডেস্ক, 15 ডিচেম্বৰ :উচ্চতম ন্যায়ালয়ে মঙলবাৰে এলাহবাদ উচ্চ ন্যায়ালয়ৰ আদেশক প্ৰত্যাহ্বান জনোৱা এক গোচৰৰ শুনানিৰ বাবে সন্মতি প্ৰদান কৰে ৷ এলাহবাদ উচ্চ ন্যায়ালয়ে উত্তৰ প্ৰদেশ চৰকাৰক সাৰ্বজনিক স্থানত জনসাধাৰণে মাস্ক পৰিধান নকৰা আৰু ক‘ভিড-19 ক লৈ কঠোৰ হবলৈ কৈছিল ৷ ছালিচিট‘ৰ জেনেৰেল তুষাৰ মেহতাই মঙলবাৰে উচ্চতম ন্যায়ালয়ত এই সন্দৰ্ভত শুনানিৰ বাবে অনুমতি বিচাৰিছিল ৷ যাৰ পাছতেই অনুমতি প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে ৷ এই সন্দৰ্ভত 18 ডিচেম্বৰত পুনৰ শুনানি হ‘ব ৷
এলাহবাদ উচ্চ ন্যায়ালয়ৰ আদেশৰ ওপৰত উচ্চতম ন্যায়ালয়ত শুনানি - Allahabad HC
এলাহবাদ উচ্চ ন্যায়ালয়ে উত্তৰপ্ৰদেশ চৰকাৰক সাৰ্বজনিক স্থানত জনসাধাৰণে মাস্ক পৰিধান নকৰা আৰু ক‘ভিড-19 ক লৈ কঠোৰ হবলৈ কৈছিল ৷ ছালিচিট‘ৰ জেনেৰেল তুষাৰ মেহতাই মঙলবাৰে উচ্চতম ন্যায়ালয়ত এই সন্দৰ্ভত শুনানিৰ বাবে অনুমতি বিচাৰিছিল ৷
এলাহবাদ উচ্চ ন্যায়ালয়ৰ আদেশৰ ওপৰত উচ্চতম ন্যায়ালয়ত শুনানি
উল্লেখ্য যে, শীৰ্ষ আদালতে এনেদৰেই গুজৰাট উচ্চ ন্যায়ালয়ৰ আদেশৰ ক্ষেত্ৰতো ইতিপূৰ্বেই বাধা দিছিল আৰু এয়া সম্ভৱ নহয় বুলি মন্তব্য কৰিছিল ৷
লগতে পঢ়ক: বিটিচি পৰিষদৰ মুখ্য কাৰ্যবাহী হিচাপে শপত গ্ৰহণ প্ৰমোদ বড়োৰ