অসম

assam

ETV Bharat / state

প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই কৰিমগঞ্জত বালি মাফিয়াৰ ৰাজত্ব - লংগাই নদী

প্ৰশাসনক কেৰেপ নকৰি কৰিমগঞ্জত চলিছে বালি মাফিয়াৰ ৰাজত্ব ৷ চৰকাৰী ৰাজহ ফাঁকি দি অবৈধ ভাৱে বালি সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে এক অসাধু চক্ৰৰ বিৰুদ্ধে ৷ উক্ত চক্ৰৰ বিৰুদ্ধে নিলামবজাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চৌহদৰ ওপৰেদি পাইপ লাইন বহুৱাই গড়কাপ্তানি পথৰ ওপৰেদি বালি সংগ্ৰহ কৰা পাইপ লাইন লৈ যোৱাৰ অভিযোগ ৷

প্ৰশাসনক বুঢ়া আঙুলি টোৱাই কৰিমগঞ্জত  বালি মাফিয়াৰ ৰাজত্ব
প্ৰশাসনক বুঢ়া আঙুলি টোৱাই কৰিমগঞ্জত বালি মাফিয়াৰ ৰাজত্ব

By

Published : Oct 4, 2020, 3:38 PM IST

কৰিমগঞ্জ, 4 অক্টোবৰ : কৰিমগঞ্জৰ নিলামবজাৰ অঞ্চলৰ লংগাই নদীৰ ওপৰত থকা পকী দলঙৰ পাঁচশ মিটাৰৰ ভিতৰৰ পৰা অবৈধভাৱে মেচিন ব্যৱহাৰ কৰি নৈৰ পৰা বালি সংগ্ৰহ কৰাৰ অভিযোগ এক অসাধু চক্ৰৰ বিৰুদ্ধে ৷ স্থানীয় ৰাইজৰ অভিযোগ দিনৰ পোহৰতে প্ৰশাসনৰ চকুৰ সন্মুখতে অবৈধভৱে চলিছে বালি সংগ্ৰহৰ কাম ৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি নিলামবজাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চৌহদৰ ওপৰেদি পাইপ লাইন বহুৱাই গড়কাপ্তানি পথৰ ওপৰেদি বালি সংগ্ৰহ কৰা পাইপ লাইন লৈ যোৱা হৈছে ৷ প্ৰশাসনকো কেৰেপ নকৰা এই চক্ৰটোৱে কেৱল এই স্থানতেই নহয় বৰঞ্চ জিলাখনৰ ভিন্ন প্ৰান্তত বালি সংগ্ৰহৰ কাম চলাই নিয়াৰো অভিযোগ ৷

কৰিমগঞ্জৰ লংগাই নদীত অবৈধভাৱে বালি সংগ্ৰহ

একাংশ বন বিষয়াৰ কমিচনৰ অংকত বালিৰ এই অবৈধ বেহা চলি থকাৰ অভিযোগ উত্থাপন কৰি স্থানীয় লোকসকলে কয় যে বন বিভাগ, চক্ৰ বিষয়াক মেনেজ কৰি লংগাই নদীৰ পৰা অবৈধ ভাবে বালি তোলাৰ কাম চলি আছে ৷ চৰকাৰী ৰাজহ ফাঁকি দি চলি থকা এনে অবৈধ বালি খননে নিলামবজাৰ অঞ্চলটোত থকা পকী দলং খনলৈ ভাবুকি কঢ়িয়াই আনিব বুলি শংকা প্ৰকাশ কৰি স্থানীয় ৰাইজে এতিয়া প্ৰশাসনক সোনকালে এইক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে ৷

লগতে পঢ়ক:চিনাক্ত হ’ল কৰিমগঞ্জৰ লংগাই নৈত উদ্ধাৰ হোৱা মৃতদেহৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details