কৰিমগঞ্জ,16 এপ্ৰিলঃ কৰিমগঞ্জৰ বদৰপুৰ ৰাষ্ট্ৰীয় ঘাইপথত দাউ দাউ কৈ জ্বলিল এখন মাল ভৰ্তি ট্ৰাক ৷ চলি থকা অৱস্থাতে জ্বলি যায় ট্ৰাক খন ৷ কৰিমগঞ্জৰ বদৰপুৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা ৷ চলি থকা অৱস্থাতেই এখন আলু ভৰ্তি ট্ৰাক দাউ-দাউ কৈ জ্বলি উঠে । গুৱাহাটীৰ পৰা ত্ৰিপুৰা লৈ গৈ থকা অৱস্থাত আলু ভৰ্তি ট্ৰাক খনৰ চকা ফুটি এই অগ্নিকাণ্ড সংঘটিত হয় । ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হৈ ততালিকে বদৰপুৰ অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে ৷ লগে লগে অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও ট্ৰাকখন বিস্তৰ ক্ষতি সাধন হয় ৷
বদৰপুৰত দাউ দাউ কৈ জ্বলিল এখন মাল ভৰ্তি ট্ৰাক - বদৰপুৰত দাউ দাউ কৈ জ্বলিল এখন মাল ভৰ্তি ট্ৰাক
বদৰপুৰ ৰাষ্ট্ৰীয় ঘাইপথত চকা ফুটি সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ৷ পিচত অৱশ্যে অগ্নি নিৰ্বাপক বাহিনীৰ লোক আৰু ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷
চলি থকা অৱস্থাত বদৰপুৰ ৰাষ্ট্ৰীয় ঘাইপথত দাউ দাউ কৈ জ্বলিল এখন মাল ভৰ্তি ট্ৰাক