অসম

assam

ETV Bharat / state

উপ নিৰ্বাচনত হিমন্তই ইতিমধ্যে পৰাজয় স্বীকাৰ কৰিছে : ৰকিবুল হুছেইন - Rokibul Hussain addressed a press meet at Ratabari

ৰাতাবাৰীত ৰকিবুল হুছেইনৰ সংবাদমেল ৷ বিজেপিক ক্ষুৰধাৰ সমালোচনা ৷

উপনিৰ্বাচনত হিমন্তই ইতিমধ্যে পৰাজয় চিকাৰ কৰিছে : ৰকিবুল হুছেইন

By

Published : Oct 19, 2019, 11:47 PM IST

Updated : Oct 20, 2019, 8:27 AM IST

কৰিমগঞ্জ, 19 অক্টোবৰ: অহা 21 অক্টোবৰত ৰাজ্যৰ চাৰিটা সমষ্টিত অনুষ্ঠিত হ'ব লগা উপনিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনটোত কৰিমগঞ্জৰ ৰাতাবাৰীত নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ৷ প্ৰচাৰৰ অন্তত শনিবাৰে বিয়লি কৰিমগঞ্জৰ ইন্দিৰা গান্ধী ভৱনত এক সংবাদ মেলৰ আয়োজন কৰে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷ সংবাদমেল যোগে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলক ব্যাপক সমালোচনা কৰে কংগ্ৰেছ নেতা গৰাকীয়ে ৷ সংবাদমেলযোগে মূলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি লৈ ৰকিবুল হুছেইনে কয়," অহা উপ নিৰ্বাচনত ৰাতাবাৰী সমষ্টিত ইতিমধ্যে পৰাজয় স্বীকাৰ কৰিছে হিমন্তই,কিয়নো বিজেপিৰ লোকসকলে নিজৰ অপকৰ্মৰ কথা এতিয়া নিজেই গম পাইছে,যাৰ ইংগিত তেওঁ শেহতীয়াকৈ ছ'চিয়েল মেডিয়াত দিয়া এটা পোষ্টৰ পৰা পোৱা গৈছে৷" প্ৰাক্তনমন্ত্ৰী গৰাকীয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ নিৰ্বাচনী সভাত খালী চকী দেখিয়ে পৰাজয়ৰ উমান পাইছিল বুলিও মন্তব্য কৰে ৷

কংগ্ৰেছ নেতা গৰাকীয়ে ৰাতাবাৰীত ৰাইজে দুবাৰকৈ বিজেপিৰ বিধায়ক আৰু সাংসদ জিকাই কোনো ভাল ফল লাভ কৰা নাই বুলি মন্তব্য কৰে ৷ সংবাদমেলত বিজেপিৰ মেডিকেল কলেজ বনোৱা,ছোৱালীক বিয়াৰ বাবে সোণ দিয়া আদি সকলো সাধাৰণ ভোটাৰক আভুৱা ভৰাৰ খেল বুলি গেৰুৱা দলক কটাক্ষ কৰে কংগ্ৰেছী নেতাজনে,লগতে ৰাতাবাৰীত বিজেপিয়ে সমষ্টিটোৰ নিবনুৱা যুৱকক চাকৰি দিম বুলি দিয়া প্ৰতিশ্ৰুতিৰ প্ৰত্যুত্তৰ বিজেপিয়ে এশ মানুহকো চাকৰি দিব পৰা নাই বুলি মন্তব্য কৰে ৷

উপনিৰ্বাচনত হিমন্তই ইতিমধ্যে পৰাজয় চিকাৰ কৰিছে : ৰকিবুল হুছেইন

ইফালে,নিৰ্বাচনী প্ৰচাৰত বিজেপি দলে হেলিকপ্টাৰ উৰুৱাকলৈও নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ৷ তেওঁৰ মতে ৰাতাবাৰীৰ ৰাস্তা-পথ বিধস্ত হোৱাৰ বাবেই বিজেপি নেতাসকল পদ পথৰে আহিবলৈ অসমৰ্থ হৈছে ৷ সংবাদমেল শেষত পৰোক্ষভাৱে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি ৰকিবুল হুছেইনে কয়,"এসময়ত তেওঁ কৈছিল বিজেপিক ধুতি লুঙি পিন্ধা মানুহৰ ভোট নালাগে কিন্তু কংগ্ৰেছক সকলোৰে ভোট লাগে"৷
আনহাতে সংবাদমেলযোগে এন আৰ চি সন্দৰ্ভতো বিজেপিক তীব্ৰ সমালোচনা কৰে ৰকিবুল হুছেইনে লগতে তেজপুৰ কাৰাগাৰত বিদেশী হিচাপে বন্দী হৈ থকা অৱস্থাত মৃত্যু মুখত পৰা গোপান দাসৰ প্ৰসংগ টানি কয়, চৰকাৰী চৰম অমানৱীয়তাৰ নিৰ্দশন দাঙি ধৰি এতিয়াও লোৱা নাই মৃতদেহৰ দায়িত্ব ৷ গোপান দাসৰ মৃতদেহ মৃত্যুৰ পাছত 6 দিন ধৰি মৰ্গত পেলাই বিজেপি নেতা-মন্ত্ৰী এতিয়া ব্যস্ত আকাশত হেলিকপ্টাৰ উৰুৱাত ৷

Last Updated : Oct 20, 2019, 8:27 AM IST

ABOUT THE AUTHOR

...view details