কৰিমগঞ্জ,10 এপ্ৰিল:কৰিমগঞ্জৰ কায়স্থগ্ৰামত শুকুৰবাৰে নিশা দুষ্কৃতিকাৰীৰ দলে জ্বলাই দিলে এজন ব্যক্তিৰ বাসগৃহ । অনাথ বন্ধু দেৱ নামৰ ব্যক্তিজনৰ বাসগৃহত সংঘটিত হয় এই ঘটনা ৷ ঘটনা সংঘটিত কৰিবলৈ অহা এটা দুৰ্বৃত্তক চিনাক্ত কৰিছিল পৰিয়ালৰ লোকে ৷ পৰিয়ালটোৰ অভিযোগৰ ভিত্তিতেই নিলাম বজাৰ আৰক্ষীয়ে আটক কৰিছে লিটন দেৱ নামৰ যুৱকজনক ৷
কৰিমগঞ্জত নিৰীহ ব্যক্তিৰ বাসগৃহত অগ্নিসংযোগ দুৰ্বৃত্তৰ - পৰিয়ালটোৰ অভিযোগৰ ভিত্তিত
কৰিমগঞ্জৰ কায়স্থগ্ৰামত দুষ্কৃতিকাৰীৰ দলে জ্বলাই দিলে এজন ব্যক্তিৰ বাসগৃহ । ঘটনা সংঘটিত কৰিবলৈ অহা এটা দুৰ্বৃত্তক চিনাক্ত কৰে পৰিয়ালৰ লোকে ৷ পৰিয়ালৰ অভিযোগৰ ভিত্তিতে ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে এজন যুৱকক ৷

নিৰিহ ব্যক্তিৰ বাসগৃহত অগ্নিসংযোগ দুৰ্বৃত্তৰ
কৰিমগঞ্জত নিৰীহ ব্যক্তিৰ বাসগৃহত অগ্নিসংযোগ দুৰ্বৃত্তৰ
অভিযোগ অনুসৰি, অঞ্চলটোত একাংশ যুৱকে মদ আৰু জুৱাৰ আড্ডা বহাই নিশাৰ ভাগত উপদ্ৰৱৰ সৃষ্টি কৰে ৷ উক্ত অসামাজিক কাৰ্য-কলাপৰ বিৰুদ্ধে যিয়ে অভিযোগ কৰে সেইজনৰ বাসগৃহত অগ্নি সংযোগৰ চেষ্টা চলাই দুষ্কৃতিকাৰীয়ে । বিগত এটা মাহে কায়স্থগ্ৰাম এলেকাত অনুৰূপ ঘটনা সংঘটিত হৈ আহিছে ৷ সম্প্ৰতি অঞ্চলটোৰ ৰাইজে আৰক্ষীক এনে অসামাজিক কাৰ্য-কলাপ ৰোধ কৰি অঞ্চলটোৰ ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনাইছে ৷