কৰিমগঞ্জ, 28 নৱেম্বৰ:কৰিমগঞ্জৰ কাটাখালত সংঘটিত হয় চাঞ্চল্যকৰ ডকাইতি কাণ্ড ৷ মাজ নিশা 6-7 জনীয়া ডকাইতৰ এটা দলে ঘৰৰ প্ৰৱেশদ্বাৰ ভাঙি লুটি নিয়ে সোণৰ আ-অলংকাৰসহ নগদ ধন ৷ ইপিনে ডকাইতৰ আক্ৰমণৰ ফলত আহত নিহত হয় ঘৰৰ গৰাকী পাৰ্থ প্ৰতিম পাল ৷ পৰিয়ালৰ লোকে চিঞৰ-বাখৰ কৰাত পলায়ন কৰে ডকাইতৰ দলটোৱে ৷ নিশা প্ৰায় 3 বাজি 30 মিনিটত সংঘটিত হয় হাৰ্ডৱেৰ ব্যৱসায়ী পাৰ্থ প্ৰতিম পালৰ ঘৰত ডকাইতি কাণ্ড ৷
মুখত ক’লা কাপোৰ বান্ধি ডকাইতৰ দলেটোৱে ঘৰৰ প্ৰৱেশ দ্বাৰ ভাঙি সকলোকে 5 মিনিটৰ বাবে মুখ বন্ধ ৰাখিবলৈ কয়। কিন্তু ইয়াতে প্ৰতিবাদ জনাবলৈ যাওতেই পাৰ্থ প্ৰতিম পালক চোকা অস্ত্ৰৰে আঘাত কৰে ডকাইতৰ দলটোৱে ৷ ফলত কিছু পৰিমাণে আঘাতৰ সন্মুখীন হয় পাৰ্থ প্ৰতিম পাল ৷ ডকাইতৰ দলটোৱে পত্নী জ্যোতি পালৰ ডিঙিৰ সোণৰ চেইন,কন্যা দুগৰাকীৰ সোণৰ চেইনৰ লগতে নগদ ২০ হাজাৰ টকা কাঢ়ি নিয়ে ৷ ইপিনে আলমাৰি ভাঙিবলৈ চেষ্টা চলাওতেই সুযোগ বুজি জ্যোতি পালে ঘৰৰ পিছফালে গৈ ওচৰ-চুবুৰীয়াক চিঞৰ বাখৰ কৰাত ডকাইতৰ দলটোৱে পলায়ন কৰে।