দক্ষিণ কৰিমগঞ্জ,5 মে’ঃ লক্ ডাউনৰ উপৰিও 12 ঘণ্টীয়া সান্ধ্য আইন জাৰি কৰা হৈছে ৰাজ্যত ৷ এই আইন অব্যাহত থকাৰ সময়তে সোমবাৰে কৰিমগঞ্জৰ পিংগৰগুল গাঁৱত সংঘটিত হয় ডকাইতিৰ ঘটনা ৷ নিশা প্ৰায় 1.30 বজাত সংঘটিত হোৱা ঘটনাটোত একেটা পৰিয়ালৰ চাৰিজন সদস্য আহত হয় ৷ ঘটনাৰ বিৱৰণী অনুসৰি, আব্দুল মুকিত নামৰ ব্যৱসায়ীজনৰ ঘৰত 6 জনীয়া এটা ডকাইতৰ দলে প্ৰৱেশ কৰি পৰিয়ালটোক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি সকলো মূল্যৱান সম্পদৰ লগতে নগদ তিনি লাখ টকা লুটি নিয়ে ৷ দলটোৱে ঘৰটোত প্ৰৱেশ কৰা সময়ত পৰিয়ালটো গভীৰ নিদ্ৰাত মগ্ন আছিল ৷
সান্ধ্য আইনৰ মাজতে কৰিমগঞ্জত চাঞ্চল্যকৰ ডকাইতি ! - লক্ ডাউন
কৰিমগঞ্জৰ বিনোদিনী এলেকাৰ পিংগৰগুল গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা ৷ ৰাজ্য়ত সান্ধ্য আইন অব্যাহত থকাৰ পিছতো সংঘটিত ডকাইতিৰ ঘটনাটোত আহত হয় চাৰি গৰাকী লোক ৷
ডকাইতিৰ ঘটনা
ইতিমধ্যে আহতসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ ঘটনা সন্দৰ্ভত বাৰইগ্ৰাম আৰক্ষী চকীত এজাহাৰ দাখিল কৰাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷
লগতে চাওকঃচিকিৎসালয়ৰ ব্লাড বেংকৰ বাবে বনকৰ্মী-বিধায়কে দিলে তেজ !