অসম

assam

ETV Bharat / state

কৰিমগঞ্জত চাঞ্চল্যকৰ ডকাইতি কাণ্ড - নিলামবজাৰ এচ.ভি বিদ্যানিকেতন হাইস্কুলৰ প্ৰাক্তন অধ্যক্ষ ইয়াছিন আলি

কৰিমগঞ্জ জিলাৰ নিলামবজাৰ এচ.ভি বিদ্যানিকেতন হাইস্কুলৰ প্ৰাক্তন অধ্যক্ষ ইয়াছিন আলিৰ বাসগৃহৰ পৰা ছয়জনীয়া ডকাইতৰ দলে পৰিয়ালটিক মাৰণাস্ত্ৰ দেখুৱাই লুটি নিলে নগদ ধন সহ সোণৰ আ-অলংকাৰ ৷

কৰিমগঞ্জ জিলাৰ গান্ধাই দাসগ্ৰাম গাঁৱত ডকাইতিৰ ঘটনা

By

Published : Oct 26, 2019, 11:13 AM IST

Updated : Oct 26, 2019, 12:43 PM IST

কৰিমগঞ্জ,26 অক্টোবৰ : শুকুৰবাৰে নিশা কৰিমগঞ্জ জিলাৰ গান্ধাই দাসগ্ৰাম গাঁৱত সংঘটিত হয় চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা ৷ গাঁওখনৰ বাসিন্দা ইয়াছিন আলি নামৰ এগৰাকী প্ৰাক্তন অধ্যক্ষৰ ঘৰত প্ৰৱেশ কৰে 6 জনীয়া এটা ডকাইতৰ দলে ৷ ডকাইতৰ দলটোৱে পৰিয়ালটিক ভয়-ভাবুকি দেখুৱাই লুটি নিয়ে নগদ ধনৰ লগতে সোণৰ আ-অলংকাৰ ৷

কৰিমগঞ্জ জিলাৰ গান্ধাই দাসগ্ৰাম গাঁৱত ডকাইতিৰ ঘটনা

ডকাইতৰ দলটোৱে নিলামবজাৰ এচ.ভি বিদ্যানিকেতন হাইস্কুলৰ প্ৰাক্তন অধ্যক্ষ ইয়াছিন আলিৰ বাসগৃহৰ দুৱাৰ ভাঙি প্ৰৱেশ কৰিছিল ৷ ইয়াছিন আলিৰ পৰিয়ালে প্ৰকাশ কৰা অনুসৰি,ডকাইতৰ দলটোৰ হাতত আছিল চোকা অস্ত্ৰ সহ এটা AK 47 ৰাইফল ৷ ডকাইতৰ দলটোৱে প্ৰাক্তন অধ্যক্ষগৰাকীৰ মূৰত আঘাত কৰি পৰিয়ালৰ আন সদস্যসকলক বান্ধি থৈছিল ৷ পৰিয়ালৰ অন্য়ান্য সদস্য় সকলে প্ৰাণে মৰাৰ ভয়ত বহু চিঞৰ-বাখৰ কৰিছিল যদিও ঘটনাটো নিশা সংঘটিত হোৱাৰ বাবে অঞ্চলটোৰ আন কোনো লোকে ঘটনা সন্দৰ্ভত অৱগত হ'ব পৰা নাছিল ৷ ইতিমধ্যেই নিলামবজাৰ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত ৷ ইফালে, এই ঘটনা সংঘটিত হোৱাৰ পাছতেই অঞ্চলবাসী আতংকিত হৈ পৰিছে ৷

Last Updated : Oct 26, 2019, 12:43 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details