কৰিমগঞ্জ, ২৮ জুলাই :অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰৰ (Lailapur) ঘটনাকলৈ সম্প্ৰতি অসমৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ আৰম্ভ হৈছে । বিভিন্ন দল সংগঠনে মিজোৰাম চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰা দেখা গৈছে । মিজো আৰক্ষী আৰু দুৰ্বৃত্তৰ গুলীত ৬ গৰাকীকৈ অসম আৰক্ষীৰ জোৱান নিহত হোৱা ঘটনাক কোনেও যেন সহজভাৱে ল'ব পৰা নাই । যাৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত বুধবাৰে দেখা গৈছে ব্যাপক প্ৰতিবাদ ।
বিভিন্ন জিলাৰ লগতে কৰিমগঞ্জ জিলাৰ অসম-মিজোৰাম সীমান্তৱৰ্তী ৰাঙ্গামাটি এলেকাত অৰ্থনৈতিক অৱৰোধ (Economic roadblocks) গড়ি তুলিছে বিশ্ব হিন্দু পৰিষদ (Vishwa Hindu Parishad) আৰু বজৰঙ দল (Bajrang Dal) নামৰ দুটাকৈ হিন্দুত্ববাদী সংগঠনে । অসম আৰক্ষীৰ হত্যাকাৰী সকলক গ্ৰেপ্তাৰ নকৰালৈকে তেওঁলোকৰ এই অৱৰোধ কাৰ্যসূচী অব্যাহত থাকিব বুলিও সকীয়াই দিছে সংগঠন দুটাই । লগতে এই ঘটনাক গৰিহণা দিয়ে দুয়োটা সংগঠনে ৷
লাইলাপুৰত মিজো আৰক্ষীৰ বৰ্বতাৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে প্ৰতিবাদকাৰীসকল । যেতিয়ালৈ অসম আৰক্ষীৰ হত্যাকাৰীয়ে কঠোৰ শাস্তি নাপায় তেতিয়ালৈ এই পথ অৱৰোধ অব্যাহত ৰাখিব বুলিও হুংকাৰ দিয়ে সংগঠনৰ নেতাসকলে ।