কৰিমগঞ্জ,1 অক্টোবৰ:কৰিমগঞ্জৰ পাথাৰকান্দিত গড়কাপ্তানী মন্ত্ৰীৰ পৰিদৰ্শনৰ পিছতে আৰম্ভ পথৰ মেৰামতিৰ কাম ৷ কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিস্থিত অসম-ত্ৰিপুৰা সংযোগী 8 নং ৰাষ্ট্ৰীয় ঘাইপথটো বিগত সপ্তাহত পৰিদৰ্শন কৰিছিল গড়কাপ্তানী মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই ৷ অতি শোচনীয় অৱস্থাত থকা ৰাষ্ট্ৰীয় ঘাইপথটোৰ বিধ্বস্ত অৱস্থা পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে শীঘ্ৰে পথটো নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰে ৷ তদুপৰি পূৰ্বে এই পথ নিৰ্মাণৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীৰ তামিলনাডুৰ নিৰ্মাণ সংস্থা আৰপিপি ইনফ্ৰাৰ লেহেমীয়া কামৰ গতি আৰু গাফিলতিৰ বাবে বৰ্খাস্ত কৰা হৈছে ৷ মন্ত্ৰীগৰাকীয়ে মৌখিক চুক্তিৰ বিনিময়ত অন্যতম নিৰ্মাণ সংস্থা বিন্নি কনষ্ট্ৰাকচনক পথ নিৰ্মাণৰ দায়িত্ব দিয়ে ৷
মন্ত্ৰীৰ পৰিদৰ্শনৰ পিছতে পথৰ মেৰামতি আৰম্ভ - ডঃ হিমন্ত বিশ্ব শৰ্মা
গড়কাপ্তানী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি কৰিমগঞ্জৰ পাথাৰকান্দিত আৰম্ভ হৈছে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম ৷ এই পথ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছে বিন্নি কনষ্ট্ৰাকচনে ৷
গড়কাপ্তানি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰা হৈছে পথ নিৰ্মাণৰ কাম ৷ তদুপৰি অবৈধভাৱে পথৰ দাঁতিতে ভূমি দখল কৰি গৃহ নিৰ্মাণ কৰা ব্যক্তিসকলক উচ্ছেদ কৰিবলৈ চক্ৰ বিষয়াগৰাকীক নিৰ্দেশ প্ৰদান কৰিছে গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে ৷ মন্ত্ৰীগৰাকীৰ এই নিৰ্দেশত আনন্দ প্ৰকাশ কৰিছে পাথাৰকান্দিবাসীয়ে ৷
লগতে চাওকঃদ্বিতীয়টো গোচৰত জামিন লাভ অখিল গগৈৰ