অসম

assam

By

Published : Sep 7, 2019, 8:50 PM IST

ETV Bharat / state

নিৰ্মাণৰ মাত্ৰ তিনিমাহতেই খহিল ব্যয়বহুল পকীপথ

ৰাতাবাৰী বিধানসভা সমষ্টিৰ লাইফ লাইন হিচাপে পৰিচিত কানাইবজাৰ ঈশানছৰা পথটো নিৰ্মাণৰ মাত্ৰ তিনি মাহৰ ভিতৰতে চাপৰে চাপৰে খহিব ধৰিছে ৷ কেইবা কোটি টকা মূল্যৰ বিনিময়ত নিৰ্মাণ হৈছিল পকী পথটো ৷

নিৰ্মাণৰ মাত্ৰ তিনিমাহতেই ডোখৰ ডোখৰকৈ এৰাইছে ব্যয়বহুল পকীপথ

কৰিমগঞ্জ, 7 ছেপ্তেম্বৰঃবহু বছৰৰ দুৰ্গতিৰ অন্তত অৱশেষত লোকসভা নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত ৰাতাবাৰী বিধানসভা সমষ্টিৰ লাইফ লাইন হিচাপে পৰিচিত কানাইবজাৰ ঈশানছৰা পথটোৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল । আনকি যোৱা তিনিমাহ পূৰ্বে গড়কাপ্তানী বিভাগৰ অধীনত থকা এই পথটোৰ নিৰ্মাণৰ কাম সম্পন্ন কৰিছিল নিবিদা লাভ কৰা ঠিকাদাৰে । অথচ কাম শেষ কৰাৰ কিছুদিনৰ পাছৰ পৰাই দেখিবলৈ পোৱা গৈছে চাপৰে চাপৰে খহিব ধৰিছে পথটো । পথৰ বহু অংশত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাত । স্থানীয় ৰাইজে নিন্মমানৰ কামৰ ফলত পথটোৰ এনে অৱস্থা হৈছে বুলি অভিযোগ তুলিছে ৷

নিৰ্মাণৰ মাত্ৰ তিনিমাহতেই ডোখৰ ডোখৰকৈ এৰাইছে ব্যয়বহুল পকীপথ

ABOUT THE AUTHOR

...view details