কৰিমগঞ্জ, 28 জুলাই:কৰিমগঞ্জত সংঘটিত হৈছে এটা ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident in Karimganj) ৷ বৃহস্পতিবাৰে পুৱতি নিশা অসম ত্ৰিপুৰা সংযোগী 8 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাজেন্দ্ৰ নগৰত ট্ৰাক আৰু অট’ ৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষ হয় ৷
এই দুৰ্ঘটনাত ট্ৰাকখন পথৰ দাঁতিত বাগৰি পৰাৰ লগতে অট' ৰিক্সাখনো দ খাৱৈত বাগৰি পৰে ৷ পথ দুৰ্ঘটনাটোত অট'ৰিক্সাৰ চালকজনে থিতাতে মৃত্যুক আকোৱালি লয় (One dead in Road accident) ৷
ট্ৰাক আৰু অট’ ৰিক্সাৰ মুখামুখি সংঘৰ্ষ লগে লগে ঘটনাস্থলীত এছ ডি আৰ এফৰ (SDRF) বাহিনীৰ লোক উপস্থিত হৈ মৃত চালকজনক বিচাৰি উদ্ধাৰ অভিযান চলায় ৷ মৃত্যু হোৱা চালকৰ নাম নিয়াজ উদ্দিন বুলি চিনাক্ত কৰা হৈছে ৷
উদ্ধাৰকাৰী দলে অট' ৰিক্সাখনৰ পৰা মৃত অৱস্থাত উদ্ধাৰ কৰে চালকজনক ৷ AS 10 AC 6897 নম্বৰৰ অট’ ৰিক্সা আৰু AP 37 TB 4599 নম্বৰৰ ট্ৰাকখনৰ মাজত সংঘটিত হৈছিল এই পথ দুৰ্ঘটনাটো ৷
লগতে পঢ়ক:Slow Loris Rescued: চন্দ্ৰপুৰত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ লাজুকী বান্দৰ