অসম

assam

ETV Bharat / state

কাছৰৰ বৰখলাত ভয়ংকৰ পথ দুৰ্ঘটনা - তীব্ৰবেগী বাহন

বৃহস্পতিবাৰে ৰাতিপুৱা প্ৰায় 9 বজাত কাছৰৰ বৰখলা সমষ্টিৰ ডলু ৰাজপথত এখন টাটা ডী আই বাহনৰ খুন্দাত প্ৰাণ গ’ল চাহ বাগানৰ শ্ৰমিক 45 বছৰীয়া সমলু শুক্লবৈদ্যৰ ৷

কাছৰৰ বৰখলাত ভয়ংকৰ পথ দূৰ্ঘটনা
কাছৰৰ বৰখলাত ভয়ংকৰ পথ দূৰ্ঘটনা

By

Published : Feb 26, 2021, 7:04 AM IST

শিলচৰ, 26 ফেব্ৰুৱাৰী:ৰাজ্যত অব্যাহত আছে গাড়ী চালকৰ দৌৰাত্ম্য ৷ বৃহস্পতিবাৰে পুনৰ তীব্ৰবেগী বাহনে প্ৰাণ ল’লে এজন লোকৰ ৷ বৃহস্পতিবাৰে পুৱা প্ৰায় 9 বজাত কাছৰৰ বৰখলা সমষ্টিৰ ডলু ৰাজপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ তীব্ৰবেগী বাহনৰ খুন্দাত নিহত হয় চাহ শ্ৰমিক ৷

মৃত লোকজনৰ 45 বছৰীয়া সমলু শুক্লবৈদ্য বুলি চিনাক্ত কৰা হৈছে ৷ দুৰ্ঘটনা সংঘটিত কৰা বাহন খনক আৰক্ষীয়ে ইতিমধ্যে কাৰায়ত্ব কৰিবলৈ সক্ষম হৈছে ৷

কাছৰৰ বৰখলাত ভয়ংকৰ পথ দূৰ্ঘটনা

প্ৰাপ্ত তথ্য অনুসৰি, কাছৰৰ বৰখলা সমষ্টিৰ ডলু ৰাজপথৰ কাষতে কাকত বাগানৰ কামত থাকা অৱস্থাতে পাছফালৰ পৰা অহা এখন টাটা ডী আই গাড়ীয়ে খুন্দা মাৰে ৷ যাৰ ফলত গুৰুতৰ ভাৱে আহত হয় লোকজন ৷

উল্লেখ্য যে, আহত লোকজনক বড়খলা হাস্পতালত লৈ নিয়া হয় যদিও উন্নত চিকিৎসাৰ বাবে পৰৱৰ্তী সময়ত শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় ৷ কিন্তু শিলচৰ মেডিকেললৈ নিয়াৰ পথতে সমলু শুক্লবৈদ্যৰ মৃত্যু হয় ৷

এই ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে কাছৰৰ বৰখলা সমষ্টিৰ ডলু ৰাজপথ ৷ উত্তেজিত ৰাইজে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ অভিযুক্ত গাড়ী চালকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালক উচিত ক্ষতিপূৰণ দিবলৈ দাবী জনায় ৰাইজে ৷

লগতে পঢ়কঃদিনটোৰ বিশেষ কেইটামান ৰাজনৈতিক খবৰ...

ABOUT THE AUTHOR

...view details