অসম

assam

ETV Bharat / state

কৰিমগঞ্জৰ লালখিৰাত পথ দূৰ্ঘটনা - লালখিৰা পথ দূৰ্ঘটনা

কৰিমগঞ্জৰ লালখিৰাত সংঘটিত হৈছে ভয়ংকৰ পথ দূৰ্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা বাগৰি পৰে নম্বৰপ্লেট বিহীন টাট মেজিক ৷

Road accident at Lalkhira Karimganj
কৰিমগঞ্জৰ লালখিৰাত পথ দূৰ্ঘটনা

By

Published : Feb 15, 2020, 8:20 PM IST

কৰিমগঞ্জ, 15 ফেব্ৰুৱাৰীঃ কৰিমগঞ্জৰ লালখিৰাত সংঘটিত হৈছে ভয়ংকৰ পথ দূৰ্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা বাগৰি পৰে নম্বৰপ্লেট বিহীন টাটা মেজিক ৷ দূৰ্ঘটনাটোত গুৰুতৰভাৱে আহত 14 গৰাকী বাগিছা শ্ৰমিক ৷ ইচাবিলৰ পৰা পুতনী চাহ বাগিছা অভিমূখে গৈ আছিল দূৰ্ঘটনাগ্ৰস্ত বাহনখন ৷ সংকটজনক অৱস্থাত 6 জন চাহ শ্ৰমিকক কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ আনহাতে, বাগিচাৰ কৰ্মচাৰীসকলক উপযুক্ত বাহন প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে ৷

কৰিমগঞ্জৰ লালখিৰাত পথ দূৰ্ঘটনা

ABOUT THE AUTHOR

...view details