কৰিমগঞ্জ, 9 ফেব্ৰুৱাৰী: কৰিমগঞ্জৰ পাথাৰকান্দি বাইপাচত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুর্ঘটনা। গুৱাহাটীৰ পৰা ত্ৰিপুৰা অভিমুখে গৈ থকা চিমেন্ট ভৰ্তি এখন ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে দলঙৰ তলত ৷ যাৰ ফলত থিতাতে নিহত হয় ট্ৰাকখনত থকা 3 জনকৈ কৰ্মচাৰী ৷
কৰিমগঞ্জৰ পাথাৰকান্দিত ভয়ংকৰ পথ দুর্ঘটনা: নিহত 3জন - কৰিমগঞ্জৰ পাথাৰকান্দি
কৰিমগঞ্জৰ পাথাৰকান্দিত ভয়ংকৰ পথ দুর্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ তলত বাগৰি পৰিল চিমেন্ট ভৰ্তি ট্ৰাক ৷ থিতাতে নিহত ট্ৰাকখনৰ 3 জনকৈ কৰ্মচাৰী ৷
![কৰিমগঞ্জৰ পাথাৰকান্দিত ভয়ংকৰ পথ দুর্ঘটনা: নিহত 3জন কৰিমগঞ্জৰ পাথাৰকান্দিত ভয়ংকৰ পথ দুর্ঘটনা: নিহত 3জন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10552527-thumbnail-3x2-fgn.jpg)
কৰিমগঞ্জৰ পাথাৰকান্দিত ভয়ংকৰ পথ দুর্ঘটনা: নিহত 3জন
কৰিমগঞ্জৰ পাথাৰকান্দিত ভয়ংকৰ পথ দুর্ঘটনা: নিহত 3জন
স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াৰ পাছতে ঘটনাস্থলীত আৰক্ষী আৰু SDRF-ৰ দল উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰাৰ লগতে সংকটজনক অৱস্থাত এজন লোকক উদ্ধাৰ কৰি কৰিমগঞ্জ চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ বৰ্তমানলৈকে নিহত কৰ্মচাৰী কেইজনৰ পৰিচয় জানিব পৰা হোৱা নাই ৷
লগতে পঢ়ক:নগাঁৱত ধূলিৰ বিৰুদ্ধে পথ অৱৰোধ কৰি ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ
Last Updated : Feb 9, 2021, 9:41 AM IST