অসম

assam

ETV Bharat / state

বদৰপুৰত ভয়ংকৰ দুৰ্ঘটনা : থিতাতে নিহত এজন - বদৰপুৰত এক পথ দুৰ্ঘটনা

বদৰপুৰত এক পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হৈছে ৷ আনহাতে, সংকটজনক অৱস্থাত আহত এজনক শিলচৰলৈ প্ৰেৰণ কৰা হৈছে ৷

থিতাতে নিহত এজন
বদৰপুৰত ভয়ংকৰ দুৰ্ঘটনা

By

Published : Jan 18, 2020, 3:03 AM IST

বদৰপুৰ, 18 জানুৱাৰী : কৰিমগঞ্জৰ বদৰপুৰৰ ছয় নং ৰাষ্ট্ৰীয় ঘাইপথৰ মালুয়া অঞ্চলত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা ৷ শুকুৰবাৰৰ সন্ধিয়া সংঘটিত এই দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় এজন ব্যক্তি ৷

বদৰপুৰত ভয়ংকৰ দুৰ্ঘটনা

ঘটনাৰ বিৱৰণী অনুসৰি, বদৰপুৰৰ পৰা এখন নম্বৰ বিহীন স্কুটী কৰিমগঞ্জৰ দিশে যোৱাৰ সময়ত মালুয়া ঘাইপথত ৰৈ থকা এখন ডাম্পাৰ গাড়ীত পিছফালৰ পৰা সজোৰে খুন্দা মাৰে ৷ ফলত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আনজনৰ অবস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷

বদৰপুৰত ভয়ংকৰ দুৰ্ঘটনা

ঘটনা সংঘটিত হোৱাৰ পাচতে দুয়োজনকে স্থানীয় ৰাইজে শ্ৰীগৌৰি হাস্পাতালত ভৰ্তি কৰে যদিও এজনক মৃত ঘোষণা কৰাৰ লগতে আনজনক শিলচৰলৈ প্ৰেৰণ কৰা হয় ৷ বৰ্তমান পৰ্যন্ত দুয়োজনৰে পৰিচয় লাভ কৰা নাই ৷

ৰখাই থোৱা বাহনত খুন্দা

আৰু পঢ়ক : শিল্পী দিৱসত জুবিন গাৰ্গৰ হুংকাৰ: ৰাজপাট নিদিয়ে বিজেপিক

ABOUT THE AUTHOR

...view details