অসম

assam

By

Published : Aug 19, 2020, 8:55 AM IST

Updated : Aug 19, 2020, 11:05 AM IST

ETV Bharat / state

কিয় আন্দোলনত নামিল সাংবাদিক ?

অসম-ত্ৰিপুৰা সংযোগী 8 নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অংশ নিৰ্মাণৰ দাবীত এইবাৰ আন্দোলনত বহিল সাংবাদিক সংস্থা । পাথাৰকান্দি চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সম্মুখত অৱস্থান ধৰ্মঘটত অংশ লয় বৃহত্তৰ পাথাৰকান্দি কৰ্মৰত সাংবাদিক সংস্থাৰ সদস্যসকলে ।

Reporters' protest in Karimganj
কিয় আন্দোলনত নামিল সাংবাদিক ?

কৰিমগঞ্জ,19আগষ্টঃ অসম-ত্ৰিপুৰা সংযোগী 8 নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অংশ নিৰ্মাণৰ দাবীত এইবাৰ আন্দোলনত বহিল সাংবাদিক সংস্থা । পাথাৰকান্দি চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সম্মুখত অৱস্থান ধৰ্মঘটত অংশ লয় বৃহত্তৰ পাথাৰকান্দি কৰ্মৰত সাংবাদিক সংস্থাৰ সদস্যসকলে ।

কিয় আন্দোলনত নামিল সাংবাদিক ?

উল্লেখযোগ্য যে, 8 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কানাইবজাৰৰ পৰা পাথাৰকান্দি চহৰৰ মুণ্ডমালালৈকে জৰাজীৰ্ণ অৱস্থাত থকা পথটোৰ বাবে বিগত ছয় বছৰ ধৰি ৰাইজে যমৰ যন্ত্ৰণা ভুগিব লগীয়া হৈছে । পাথাৰকান্দি চহৰৰ মাজমজিয়াত পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে প্ৰতিটো মুহূৰ্তত পন্যবাহী বাহনসমূহ আৱদ্ধ হৈ পৰে ।

ইপিনে আৱদ্ধ হৈ থকা বাহনসমূহ উদ্ধাৰ কৰাৰ ক্ষেত্ৰত প্ৰশাসনে নলয় কোনো ভূমিকা । একাংশ লোকে এক্সেভেটৰৰ জৰিয়তে বোকাত আৱদ্ধ বাহন টকাৰ বিনিময়ত উদ্ধাৰ কৰি দিয়ে । দিনৰ ভাগত 200 টকাৰ পৰা 1000 টকা আৰু নিশাৰ ভাগত বাহন উদ্ধাৰৰ বাবে চালকে আদায় দিব লাগে 5000 টকা পৰ্যন্ত । চহৰখনৰ মাজমজিয়াৰ ঘাইপথটো খেতিপথাৰলৈ ৰূপান্তৰিত হৈছে, যাৰ ফলত চহৰখনত খোজকাঢ়িব নোৱাৰা অবস্থাৰ সূচনা হোৱাৰ পিচতো আজিলৈকে নিৰ্মাণ নহ’ল পথটোৰ জৰাজীৰ্ণ অংশ ।

লগতে পঢ়কঃভাঙি পেলোৱা হ'ল হাৰ্টথ্ৰ'ব জুবিন গাৰ্গৰ খাৰঘূলীস্থিত বাসগৃহ

Last Updated : Aug 19, 2020, 11:05 AM IST

ABOUT THE AUTHOR

...view details