কৰিমগঞ্জৰ পুনৰ ভোটগ্ৰহণত সাব্যস্ত 65.89 শতাংশ ভোট - পুনৰ ভোটগ্ৰহণ
বিয়াগোম বিসংগতিৰ ফলত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰিবলগীয়া হোৱা কৰিমগঞ্জৰ চাৰিটা ভোটগ্ৰহণ কেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে 65.98 শতাংশ ভোটাৰে
কৰিমগঞ্জৰ পুনৰ ভোটগ্ৰহণ
কৰিমগঞ্জ, 24 এপ্ৰিল : বুধবাৰে পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হয় কৰিমগঞ্জৰ চাৰিটাকৈ ভোটকেন্দ্ৰত । পুৱা সাত বজাৰ পৰা অনুষ্ঠিত হোৱা ভোটগ্ৰহণত চাৰিওটা কেন্দ্ৰতে সৰ্বমুঠ ভোটাধিকাৰ সাব্যস্ত কৰে 65.98 শতাংশ ভোটাৰে ৷ বিয়াগোম বিসংগতিৰ ফলতেই পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰা কেন্দ্ৰ চাৰিটাত ক্ৰমে 105 নং বাটইয়া এল পি স্কুল ভোটগ্ৰহণ কেন্দ্ৰত 55.95%, 134 নং গন্দর্ভখানি এল পি স্কুলত 68.37%, 152 নং আতানগৰত 71.25% আৰু 153 নং আতানগৰত 68.35 শতাংশ ভোটাৰে সাব্যস্ত কৰে ভোটাধিকাৰ ৷