অসম

assam

ETV Bharat / state

কুশিয়াৰা নৈত প্ৰশাসনত নিৰীক্ষণত চলিছে প্ৰতিমা বিসৰ্জন - সীমান্ত সুৰক্ষা বাহিনী

দেশ তথা ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে কৰিমগঞ্জতো পালন কৰা হৈছে দুৰ্গোৎসৱ ৷ সম্পূৰ্ণ এক ব্যতিক্ৰমী ৰূপত শেষ হ’ল দেবী দুৰ্গাৰ আৰাধনা । আজি মা দুৰ্গাৰ বিদায়ৰ বেলা । ইতিমধ্যে বহু কেইটা মন্দিৰ আৰু পেণ্ডেলৰ প্ৰতিমা কুশিয়াৰা নৈত বিসৰ্জন দিয়া হৈছে । কৰিমগঞ্জৰ এই বিসৰ্জন ঘাটৰ আটাইতকৈ নান্দনিক দৃশ্যটো হৈছে কুশিয়াৰা নৈৰ সিপাৰতো বাংলাদেশৰ জকিগঞ্জত দুৰ্গাৰ প্ৰতিমা বিসৰ্জন ।

renunciation at Kushiara river
renunciation at Kushiara river

By

Published : Oct 26, 2020, 4:01 PM IST

কৰিমগঞ্জ, 26 অক্টোবৰ : আজি বিজয়া দশমী ৷ বিল্ববোধনেৰে ষষ্ঠীৰ বেদীত স্থাপন কৰা দেৱী প্ৰতিমাক অশ্ৰুসিক্ত নয়নেৰে আজি বিজয়া দশমীত দিয়া হয় বিসৰ্জন ৷ ক’ভিড-19ৰ বাবে এইবাৰ অনুষ্টূপীয়াকৈ হে পালন কৰা হৈছে দুৰ্গা পূজা ৷ দেশ তথা ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে কৰিমগঞ্জতো পালন কৰা হৈছে দুৰ্গোৎসৱ ৷ সম্পূৰ্ণ এক ব্যতিক্ৰমী ৰূপত শেষ হ’ল দেবী দুৰ্গাৰ আৰাধনা । আজি মা দুৰ্গাৰ বিদায়ৰ বেলা ।

ইতিমধ্যে বহু কেইটা মন্দিৰ আৰু পেণ্ডেলৰ প্ৰতিমা কুশিয়াৰা নৈত বিসৰ্জন দিয়া হৈছে । কৰিমগঞ্জৰ এই বিসৰ্জন ঘাটৰ আটাইতকৈ নান্দনিক দৃশ্যটো হৈছে কুশিয়াৰা নৈৰ সিপাৰতো বাংলাদেশৰ জকিগঞ্জত দুৰ্গাৰ প্ৰতিমা বিসৰ্জন । সেইটো পাৰতো ভক্ত ৰাইজ আহি গোট খাব আৰু ভাৰতৰ প্ৰতিমা বিসৰ্জন উপভোগ কৰিব । জিলা প্ৰশাসনৰ বিষয়ববীয়াৰ সৈতে ৰাজনৈতিক দলৰ নেতা বিধায়ক সকলোৱে আহি প্ৰতিমা বিসৰ্জনত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংগঠিত নহয় তাৰ বাবে চোকা দৃষ্টি ৰাখিছে ।

কুশিয়াৰা নৈত প্ৰশাসনত নিৰীক্ষণত চলিছে প্ৰতিমা বিসৰ্জন

প্ৰশাসনৰ ফালৰ পৰা আৰক্ষীৰ লগতে সীমা সুৰক্ষা বাহিনী আৰু চি আৰ পি এফ বাহিনী উপস্থিত আছে বিসৰ্জন স্থলীত । মাক্স নিপিন্ধা সকলক ঘাটত সোমাবলৈ দিয়া হোৱা নাই । আনফালে এছ ডি আৰ এফ আৰু সীমান্ত সুৰক্ষা বাহিনীৰ ফালৰ পৰা নৈৰ মাজেৰে টহল দিয়া হৈছে । সামগ্ৰীক প্ৰতিমা বিসৰ্জন সন্দৰ্ভত কৰিমগঞ্জৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক মায়ং কুমাৰে সকলোকে ক’ভিডৰ প্ৰট’কল মানি চলাৰ লগতে শান্তি শৃংখলা বজায় ৰাখিবলৈ আহ্বান জনায় । সোমবাৰৰ পৰা তিনিদিন ধৰি চলিব বিসৰ্জন ।

লগতে পঢ়ক :দেৱী বিসৰ্জনৰ বাবে সাজু কুশিয়াৰা নৈৰ ঘাট

ABOUT THE AUTHOR

...view details