কৰিমগঞ্জ,30 মাৰ্চ:প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ইতিমধ্যে অনুষ্ঠিত হৈ যোৱাৰ পাছত ৰাজ্যত এতিয়া তুংগত উঠিছে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ৷ নিৰ্বাচনী প্ৰচাৰৰ মাজতে ন-ন প্ৰতিশ্ৰুতি আৰু ধৰ্মীয় মেৰুকৰণেৰে ভোটাৰ ৰাইজক বিভ্ৰান্ত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে প্ৰায় প্ৰতিটো ৰাজনৈতিক দলৰে নেতা-পালিনেতাই ৷ ইয়াৰ মাজতে মঙলবাৰে কৰিমগঞ্জৰ নিলাম বজাৰত প্ৰাক্তন মন্ত্ৰী তথা এইবাৰৰ কংগ্ৰেছৰ প্ৰাৰ্থী চিদ্দিক আহমেদৰ নিৰ্বাচনী প্ৰচাৰ সভাত শুনা গ’ল ধৰ্মীয় শ্লোগান 'নাৰায়ে তকবিৰ আল্লাহু আকবাৰ ধ্বনি' ৷ যুৱ আইকন ওলি ৰহমানীৰ মুখত শুনা গ’ল এই শ্লোগান ৷ এই ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি পৰাৰ পাছতে সচেতন মহলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ শুনক কি শ্লোগান দিছিল যুৱ নেতা গৰাকীয়ে...
চিদ্দিক আহমেদৰ নিৰ্বাচনী সভাত ধৰ্মীয় শ্লোগান - ন-ন প্ৰতিশ্ৰুতি আৰু ধৰ্মীয় মেৰুকৰণেৰে ভোটাৰ ৰাইজক বিভ্ৰান্ত
মঙলবাৰে কৰিমগঞ্জৰ নিলাম বজাৰত প্ৰাক্তন মন্ত্ৰী তথা এইবাৰৰ কংগ্ৰেছৰ প্ৰাৰ্থী চিদ্দিক আহমেদৰ নিৰ্বাচনী প্ৰচাৰ সভাত শুনা গ’ল ধৰ্মীয় শ্লোগান 'নাৰায়ে তকবিৰ আল্লাহু আকবাৰ ধ্বনি' ৷ যুৱ আইকন ওলি ৰহমানীৰ মুখত শুনা গ’ল এই শ্লোগান ৷
![চিদ্দিক আহমেদৰ নিৰ্বাচনী সভাত ধৰ্মীয় শ্লোগান religious-slogan-at-siddique-ahmed-meeting](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11211981-thumbnail-3x2-p1.jpg)
কংগ্ৰেছ প্ৰাৰ্থী চিদ্দিক আহমেদৰ নিৰ্বাচনী সভাত ধৰ্মীয় শ্লোগান
চিদ্দিক আহমেদৰ নিৰ্বাচনী সভাত ধৰ্মীয় শ্লোগান
উল্লেখ্য যে, ভাষণত মোডী চৰকাৰক কঠোৰ সমালোচনা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক নতুন হিটলাৰ বুলি আখ্যা দিয়ে যুৱ নেতা ওলি ৰহমানীয়ে ৷
লগতে পঢ়কঃআজি ৬ বজাত অন্ত পৰিব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ