কৰিমগঞ্জ, 15 জুলাই :কৰিমগঞ্জ জিলাৰ ৰাতাবাৰীৰ চেনী কলটো সম্প্ৰতি পৰিণত হৈছে ভূত বাংলালৈ । চেনী কলটোত বিভিন্ন ধৰণৰ হিংস্ৰ প্ৰাণীৰ লগতে বহু বিষাক্ত সাপৰ বাসস্থানত পৰিণত হৈছে । এই বৃহৎ শিল্প প্ৰতিষ্ঠানটোৰ ভিতৰত আছে কোটি কোটি টকাৰ সা-সৰঞ্জাম । এই সা সৰঞ্জামবোৰ চোৱা চিতাৰ দায়িত্বত থকা সুৰক্ষা কৰ্মচাৰীয়ে ভিতৰত প্ৰৱেশ কৰিবলৈ হ’লে প্ৰয়োজন হয় এডাল লাঠি আৰু দাৰ ৷
উল্লেখ্য যে, ৰাতাবাৰীৰ চেনী কলটো আৰম্ভ হৈছিল 1977 চনৰ পহিলা জানুৱাৰীত । ইয়াত ট্ৰাইল পৰ্যায়ত 37 হেজাৰ কুইন্টল চেনী উৎপাদন কৰা হৈছিল । ইয়াৰ পাছত পৰ্যায়ক্ৰমে 1978-1979 চনত চেনীৰ উৎপাদন আছিল 45 হেজাৰ কুইন্টল, 1980-81 বৰ্ষত উৎপাদন আছিল 97 হেজাৰ কুইন্টল ।
চৰকাৰৰ সদিচ্ছাৰ অভাৱত ভুত বাংলাত পৰিণত ৰাতাবাৰীৰ চেনী কল সেই সময়ত বিষয়া পৰ্যায়ৰ (Officer Rank) ৰ কৰ্মচাৰী উপৰি নিয়মীয়া কৰ্মচাৰী (Regular Employee) আছিল 184 গৰাকী আৰু অ-নিয়মীয়া কৰ্মচাৰী (Seasonal Employee) আছিল 321 গৰাকী । একাংশ ঠিকাদৰে কলটোত কুঁহিয়াৰ সৰবৰাহৰ নামত চলাইছিল বিয়াগোম দুৰ্নীতি । পিছে সেই সময়ৰ অসম চৰকাৰৰ মন্ত্ৰী হিচাপে থকা দক্ষিণ কৰিমগঞ্জৰ সেই সময়ৰ আব্দুল মুক্তাদিৰ চৌধুৰীয়ে বিধানসভাত চেনীকলটোৱে বছৰত আঢ়ৈ লাখ টকা ক্ষতিৰ সম্মুখীন হৈ আছে বুলি এখন প্ৰতিবেদনত দাখিল কৰে ৷ তাৰ পিছত 1985 চনত চেনী কলটো বন্ধ হৈ যায় ।
1991-92 চনত তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত (EX CM Prafulla Kumar Mahanta)ৰ ব্যৱস্থাপনাত মহাবীৰ জৈন নামৰ এটা ব্যক্তিগত শিল্প প্ৰতিষ্ঠানক 20 বছৰৰ বাবে চেনীকলটো লীজত দিয়া ৷ কিন্তু 1999 চনৰ পিছত মহাবীৰ জৈন নামৰ কোম্পানীটোৱে চেনীকলটো বন্ধ কৰি দিয়ে । ইয়াৰ পিছৰে পৰাই বিভিন্ন সংগঠনে চেনীকল পুনৰুজ্জীৱিত কৰাৰ দাবীত আন্দোলন কৰাৰ লগতে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ প্ৰায় 26 খনকৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে ৷ কিন্তু প্ৰতিবাৰে শাসনাধিস্থ চৰকাৰে কেৱল প্ৰতিশ্ৰুতিৰ বাহিৰে কোনেও আজিলৈকে একো পদক্ষেপ গ্ৰহণ কৰা দেখা নগ’ল ৷
লগতে পঢ়ক :অসমৰ গো-সংৰক্ষণ বিধেয়কে উত্তৰ-পূৱত আশাহত কৰিব নেকি বিজেপিক ?