অসম

assam

ETV Bharat / state

ৰাতাবাৰীত পথ দুৰ্ঘটনাঃআহত শিশু

কৰিমগঞ্জৰ ৰাতাবাৰীত মঙলবাৰে সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ৰাতাবাৰীৰ মুল্লাখাল এলেকাত অ'টো ৰিক্সাৰ খুন্দাত গুৰুতৰভাৱে আহত হয় এটি কণমানি শিশু । জানিব পৰা মতে,6বছৰীয়া কণমানি শিশুটি পথৰ কাষত থিয় থকা অৱস্থাত AS-10AC1185 নম্বৰৰ এখন অ'টো ৰিক্সাই অ'ভাৰটেক কৰিবলৈ গৈ শিশুটিক খুন্দা মাৰে । যাৰ ফলত আহত হ'বলগীয়া হয় শিশুটি ।

By

Published : Nov 10, 2020, 7:25 PM IST

ratabari-road-accident
ৰাতাবাৰীত পথ দুৰ্ঘটনাঃআহত শিশু

কৰিমগঞ্জ,10নৱেম্বৰঃকৰিমগঞ্জৰ ৰাতাবাৰীত মঙলবাৰে সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ৰাতাবাৰীৰ মুল্লাখাল এলেকাত অ'টো ৰিক্সাৰ খুন্দাত গুৰুতৰভাৱে আহত হয় এটি কণমানি শিশু । জানিব পৰা মতে, 6বছৰীয়া কণমানি শিশুটি পথৰ কাষত থিয় হৈ থকা অৱস্থাত AS-10AC1185 নম্বৰৰ এখন অ'টো ৰিক্সাই অ'ভাৰটেক কৰিবলৈ গৈ শিশুটিক খুন্দা মাৰে । যাৰ ফলত আহত হ'বলগীয়া হয় কণমানি শিশুটি ।

ইপিনে,প্ৰথম অৱস্থাত শিশুটিক ৰাতাবাৰী প্ৰাথমিক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও শিশুটিৰ অৱস্থা সংকটজনক হোৱাৰ বাবে প্ৰেৰণ কৰা হয় শিলচৰ মেডিকেল কলেজ হাস্পিতাললৈ । আনহাতে, এই পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি ঘটনাস্থলীত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় ৷

স্থানীয় ৰাইজে আছিমগঞ্জ-আনিপুৰ সংযোগী পথত অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ আৰক্ষীয়ে অৱৰোধকাৰীৰ কৱলৰ পৰা পথটো মুকলি কৰিবলৈ গৈ মৃদু লাঠিচালনা কৰে যদিও লাঠিচালনাৰ পিছত অধিক উত্তপ্ত হৈ পৰে পৰিস্থিতি । যাৰ পৰিপ্ৰেক্ষিতত একাংশ সচেতন লোকৰ হস্তক্ষেপতহে শাম কাটে সমগ্ৰ পৰিস্থিতি ৷

লগতে পঢ়কঃ পৰ্যটকৰ বাবে মুকলি হ'ল পবিতৰা

ABOUT THE AUTHOR

...view details