গুৱাহাটী,২৪আগষ্টঃ ৰাতাবাড়ীৰ বিধায়ক বিজয় মালাকাৰৰ স্বাস্থ্য়ৰ অৱস্থা ক্ৰমাৎ অধিক জটিল হৈ পৰিছে। ক'ভিড-১৯ত আক্ৰান্ত বিধায়কজনে বৰ্তমান শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভূগিছে। হাওঁফাওঁলৈকে এই ৰোগৰ সংক্ৰমণ ঘটাত বিধায়কজনৰ স্বাস্থ্যৰ অৱনতি ঘটিছে । সম্প্ৰতি উন্নত চিকিৎসাৰ বাবে বিধায়কজনক শিলচৰ মেডিকেল কলেজ হাস্পতালৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।
ক্ৰমাত্ স্বাস্থ্যৰ অৱনতি ঘটিছে ৰাতাবাড়ীৰ বিধায়ক বিজয় মালাকাৰৰ - শিলচৰ মেডিকেল কলেজ হাস্পতাল
ক'ভিড-১৯ত আক্ৰান্ত ৰাতাবাড়ীৰ বিধায়ক বিজয় মালাকাৰৰ স্বাস্থ্য়ৰ অৱস্থা সম্প্ৰতি অধিক জটিল হৈ পৰিছে। আগৰে পৰা ক'ৰোনা মহামাৰীত আক্ৰান্ত বিধায়কজনৰ হাওঁফাওঁলৈ এই ৰোগৰ সংক্ৰমণ ঘটিছিল। উন্নত চিকিত্সাৰ বাবে মালাকাৰক গুৱাহাটী চিকিত্সা মহাবিদ্যালয়লৈ প্ৰেৰণ।
ক্ৰমাত্ স্বাস্থ্যৰ অৱনতি ঘটিছে ৰাতাবাড়ীৰ বিধায়ক বিজয় মালাকাৰৰ
উল্লেখ্য যে, ১২আগষ্টত ক'ৰোনাত আক্ৰান্ত হোৱাত বিজয় মালাকাৰক কৰিমগঞ্জ ক'ভিড চিকিৎসালয় ভৰ্তি কৰোৱা হৈছিল। পিছত স্বাস্থ্যৰ অৱনতি ঘটাত শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।