অসম

assam

ETV Bharat / state

উপ-নিৰ্বাচনক লৈ ৰাতাবাৰীত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ তৎপৰতা - ৰাতাবাৰী

উপ-নিৰ্বাচনক লৈ তৎপৰতা বাঢ়িছে ৰাতাবাৰীত ৷ এই সমষ্টিটো বিজেপিৰ দখলত আছিল সেয়ে সমষ্টিটো নিজৰ দখলত ৰখাৰ চেষ্টা বিজেপিৰ ফালৰ পৰা অব্যাহত আছে । আনহাতে কংগ্ৰেছ দলেও ৰাতাবাৰী সমষ্টিটো পুনৰুদ্ধাৰ কৰিবলৈ যুঁজ অব্যাহত ৰাখিছে ।

উপনিৰ্বাচনক লৈ ৰাতাবাৰীত প্ৰাৰ্থিত্ব প্ৰত্যাশিৰ তৎপৰতা

By

Published : Sep 25, 2019, 5:10 PM IST

কৰিমগঞ্জ,25ছেপ্টেম্বৰঃ ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ মাজত এতিয়া উপ-নিৰ্বাচনক লৈ তৎপৰতা বৃদ্ধি পাইছে ৷ কৰিমগঞ্জ লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে কৃপানাথ মাল্লা বিজয়ী হোৱাৰ পাচৰে পৰা খালী হৈ আছে বিধায়কৰ পদ। যিহেতু এই সমষ্টিটো বিজেপিৰ দখলত আছিল সেয়ে সমষ্টিটো নিজৰ দখলত ৰখাৰ চেষ্টা অব্যাহত ৰাখিছে বিজেপিয়ে। এই ক্ষেত্ৰত সমষ্টিটোত প্ৰাৰ্থীত্বৰ দৌৰত আছে বিজেপিৰ কেবাজনো নেতা-কৰ্মী । প্ৰাৰ্থীত্বৰ দাবীত আগশাৰীত দেখিবলৈ পোৱা গৈছে দলটোৰ মহিলা নেত্ৰী মুন স্বৰ্ণকাৰ, (তেওঁ বৰ্তমানে All India Tea board আৰু All India National council ৰ সদস্য পদত আছে), দ্বিব্যেন্দু নাথ দাস (তেঁও প্ৰাক্তন সাংসদ দ্বাৰকা নাথ দাসৰ পুত্ৰ), বিজয় মালাকাৰ (তেওঁ ৰাজ্যিক অনুসূচিত জাতি পৰিষদৰ সম্পাদক পদত আছে), জয়দেৱ দাস আৰু অমৰেশ ৰয় । আনহাতে প্ৰাৰ্থী তালিকাত চৰ্চিত হৈ আছে কৃপানাথ মাল্লাহৰ কনিষ্ঠ ভাতৃ অমিত মাল্লাহৰ নাম ।

ইপিনে সমষ্টিৰ বাহিৰৰ একাংশ লোকেও সমষ্টিটোৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি প্ৰচেষ্টা অব্যাহত ৰাখিছে । আনহাতে কংগ্ৰেছ দলেও ৰাতাবাৰী সমষ্টিটো পুনৰুদ্ধাৰৰ যুঁজ অব্যাহত ৰাখিছে । কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাতো আছে দীঘলীয়া শাৰী । ইয়াৰ অন্যতম প্ৰাৰ্থী হৈছে বিৰবল দাস, কেশৱ ৰজক, বুদ্ধ দাস, অখিল ৰঞ্জন দাস ৷

এই সমষ্টিটোত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে চাহ জনগোষ্ঠী আৰু হিন্দু বঙালী ভোটাৰে । গতিকে বিজেপিয়ে যদি চাহ জনগোষ্ঠীৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰে তেন্তে কংগ্ৰেছে নিশ্চয় বাঙালী সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰাটো একপ্ৰকাৰ খাটাং । গতিকে এই উপ-নিৰ্বাচনত কোন দলে, কোন সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থী প্ৰদান কৰে সেইয়া হ'ব লক্ষণীয় । অৱশ্যে ৰাতাবাৰী সমষ্টিৰ উপনিৰ্বাচনৰ বাবে এআইইউডিএফ দলৰ কোনো বিশেষ তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । গতিকে এতিয়া এই প্ৰশ্নও উত্থাপন হৈছে যে, এআইইউডিএফ আৰু কংগ্ৰেছৰ মাজত আছে নেকি কিবা গোপন বুজা-বুজি !

ABOUT THE AUTHOR

...view details