অসম

assam

ETV Bharat / state

বৰাকত ভোট বিচাৰি অহাৰ নৈতিক অধিকাৰ নাই কংগ্ৰেছৰ: সৰ্বানন্দ সোণোৱাল - বৰাকত ভোট বিচাৰি অহাৰ নৈতিক অধিকাৰ নাই কংগ্ৰেছৰ: সৰ্বানন্দ সোণোৱাল

তুংগত উঠিছে ৰাতাবাৰীৰ সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ ৷ কংগ্ৰেছ-বিজেপি দুয়োটা দলে সমষ্টিটো দখলৰ বাবে পূৰ্ণ শক্তিৰে দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে ।

সৰ্বানন্দ সোণোৱাল

By

Published : Oct 14, 2019, 6:01 PM IST

কৰিমগঞ্জ, 14 অক্টোবৰঃ নিৰ্বাচনী প্ৰচাৰৰ বাবে সোমবাৰেৰাতাবাৰীত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ ৰাতাবাৰী সমষ্টিৰ প্ৰাৰ্থী বিজয় মালাকাৰৰ হৈ প্ৰচাৰ চলাবলৈ উপস্থিত হয় সৰ্বানন্দ সোণোৱাল । পুৱা 10.30 বজাত উপস্থিত হোৱাৰ কথা আছিল যদিও প্ৰায় ডেৰ ঘণ্টা পলমকৈ সভাস্থলীতৰ অস্থায়ী হেলিপেডত আহি অৱতৰণ কৰে মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰে ।

উপ-নিৰ্বাচনৰ প্ৰচাৰ বিজেপিৰ
ৰাতাবাৰীৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ বিজেপিৰ

1 লাখ 61 হাজাৰ ভোটাৰ থকা সমষ্টিটোত মূলত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব চাহ জনগোষ্ঠীৰ ভোটাৰে । সেয়ে হিন্দী, বাংলা, অসমীয়া তিনিওটা ভাষাত ভাষণ প্ৰদান কৰা দেখা যায় মুখ্যমন্ত্ৰীগৰাকীক ৷ ইপিনে ভাষণত মুখ্যমন্ত্ৰী গৰাকীয়ে আক্ৰমণৰ লক্ষ্য কৰি লয় বিৰোধী দল কংগ্ৰেছক । বৰাকত কংগ্ৰেছে ভোট বিচৰাৰ নৈতিক অধিকাৰ হেৰুৱাইছে বুলি উল্লেখ কৰে সোণোৱালে ৷

উপ-নিৰ্বাচনৰ প্ৰচাৰ বিজেপিৰ

ইপিনে বিজয় মালাকাৰৰ হৈ প্ৰচাৰ চলাবলৈ গৈ মুখ্যমন্ত্ৰীয়ে কয়, ভোট বিজয় মালাকাৰক বুলি নহয় মই বুলি হে দিয়ক । আপোনালোকৰ সুৰক্ষাৰ দায়িত্ব মই লম । ইপিনে প্ৰখৰ ৰ’দকো নেওচি সভাস্থলীত উপস্থিত আছিল যথেষ্ঠ সংখ্যক লোক ৷ অৱশেষত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে, ৰাতাবাৰী সমষ্টিৰ আধৰুৱা কামসমূহ অতিশীঘ্ৰে সম্পূৰ্ণ কৰা হ’ব ।

ABOUT THE AUTHOR

...view details