নিউজ ডেস্ক, 21 অক্টোবৰঃৰাতিপুৱাৰে পৰা আৰম্ভ হৈছে ৰাজ্যৰ চাৰিওটা সমষ্টিৰে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনত ৰঙাপৰাৰ নামনিগাঁৱত থকা নামনিগাঁও প্ৰাথমিক বিদ্যালয়ৰ পূৱ কেন্দ্ৰত ভোটাৰ ৰাইজৰ সৈতে শাৰীপাতি ভোটদান কৰে কংগ্ৰেছৰ প্ৰাৰ্থী কাৰ্তিক কুৰ্মীয়ে ৷ ৰঙাপৰা সমষ্টিত ১৯৭ টা ভোট গ্ৰহণ কেন্দ্ৰত ১ লাখ ৫৫ হাজাৰ ২৬৭ গৰাকী ভোটাৰে পাঁচ গৰাকীৰ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৷
ভোটাৰৰ সমান্তৰালকৈ ভোটাধিকাৰ সাব্যস্ত কৰিলে প্ৰাৰ্থী তথা জনপ্ৰতিনিধিয়ে - 2019 by election
ৰাতিপুৱাৰে পৰা আৰম্ভ হৈছে ৰাজ্যৰ চাৰিওটা সমষ্টিৰে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ ৰঙাপৰাত ভোটাধিকাৰ সাব্যস্ত কৰে সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী কাৰ্তিক কুৰ্মীয়ে ৷ লগতে ৰাতাবাৰী সমষ্টিত বিজেপিৰ জয় নিশ্চিত বুলি ব্যক্ত কৰে সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী বিজয় মালাকাৰে ৷
![ভোটাৰৰ সমান্তৰালকৈ ভোটাধিকাৰ সাব্যস্ত কৰিলে প্ৰাৰ্থী তথা জনপ্ৰতিনিধিয়ে](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4818484-thumbnail-3x2-r.jpg)
ৰঙাপাৰা আৰু ৰাতাবাৰীত ভোটাধিকাৰ সাব্যস্ত প্ৰাৰ্থী কাৰ্তিক কুৰ্মী আৰু বিজয় মালাকাৰৰ
ৰঙাপাৰাত ভোটদান কৰে কাৰ্তিক কুৰ্মীয়ে
আনহাতে ৰাতাবাৰী সমষ্টিত ভোটাৰৰ প্ৰতিক্ৰিয়াৰ ওপৰত ভিত্তি কৰি সমষ্টিটোত বিজেপিৰ জয় নিশ্চিত বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী বিজয় মালাকাৰে ৷
বিজেপি প্ৰাৰ্থী বিজয় মালাকাৰৰ প্ৰতিক্ৰিয়া
ৰাতাবাৰী সমষ্টিৰ 650 নং গংগা হিন্দী এল পি স্কুলত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে সাংসদ কৃপানাথ মাল্লাই ৷ সাংসদ গৰাকীৰ লগত থাকে প্ৰাৰ্থী বিজয় মালাকাৰ ৷
ভোটাধিকাৰ প্ৰয়োগ কৰিলে সাংসদ কৃপানাথ মাল্লাই