অসম

assam

ETV Bharat / state

ধৰ্ষণৰ বলি সাত বছৰীয়া কন্যা

ঘটনাৰ বিবৰণী অনুসৰি, বিগত 13 জুলাইত আব্বাছৰ পেহী অৰ্থাৎ শিশু গৰাকীৰ মাতৃ নিজৰ সন্তানক লৈ নিজৰ পিতৃঘৰত ফুৰিবলৈ আহিছিল । এই সুযোগত আব্বাছে শুকুৰবাৰ নিশাৰ ভাগত নিজৰ পেহীয়েকৰ সাত বছৰীয়া  কন্যাগৰাকীক ধৰ্ষণ কৰে ।

মোমায়েক লৰাৰ ধৰ্ষণৰ বলি সাত বছৰীয়া কন্যা

By

Published : Jul 14, 2019, 10:49 PM IST

Updated : Jul 14, 2019, 11:51 PM IST

কৰিমগঞ্জ, 14 জুলাইঃ কৰিমগঞ্জৰ পাথাৰকান্দিত জঘন্য ঘটনা । মোমায়েক ল'ৰাৰ হাতত ধৰ্ষণৰ বলি সাত বছৰীয়া শিশু কন্যা । বৰ্তমান ৰঙাঘৰৰ আলহী অভিযুক্ত ধৰ্ষণকাৰী যুৱক আব্বাছ উদ্দিন । আব্বাছৰ ঘৰ পাথাৰকান্দি আৰক্ষী থানাৰ অন্তৰ্গত চান্দখিৰাবস্তিৰ গীৰ্জাঘৰ এলেকাত । আনহাতে, সংকটজনক অৱস্থাত সাত বছৰীয়া শিশু গৰাকী বৰ্তমান কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন ।

মোমায়েক লৰাৰ ধৰ্ষণৰ বলি সাত বছৰীয়া কন্যা


ঘটনাৰ বিবৰণী অনুসৰি, বিগত 13 জুলাইত আব্বাছৰ পেহী অৰ্থাৎ শিশু গৰাকীৰ মাতৃ নিজৰ সন্তানক লৈ নিজৰ পিতৃঘৰত ফুৰিবলৈ আহিছিল । এই সুযোগত আব্বাছে শুকুৰবাৰ নিশাৰ ভাগত নিজৰ পেহীয়েকৰ সাত বছৰীয়া কন্যাগৰাকীক ধৰ্ষণ কৰে । ঘটনা সন্দৰ্ভত ভুক্তভোগী শিশু গৰাকীৰ পৰিয়ালৰ ফালৰ পৰা পাথাৰকান্দি আৰক্ষী থানাত গোচৰ ৰুজু কৰে ৷ গোচৰৰ ভিত্তিতে আৰক্ষীয়ে অভিযান চলাই যদিও পলাতক অৱস্থাত আছিল অভিযুক্ত আব্বাছ উদ্দিন । অৱশেষত দেওবাৰে মেঘালয়লৈ পলাই যোৱা সময়তে কলকলিঘাঠ এলেকাৰ পৰা আব্বাছক আৰক্ষীয়ে আটক কৰে । বৰ্তমানে আব্বাছ পাথাৰকান্দি আৰক্ষীৰ জিম্মাত আছে । ভাৰতীয় দণ্ড বিধিৰ 340/19/376 ধাৰাত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে৷

Last Updated : Jul 14, 2019, 11:51 PM IST

ABOUT THE AUTHOR

...view details