অসম

assam

By

Published : Dec 7, 2020, 7:59 PM IST

ETV Bharat / state

ভাৰত বন্ধৰ প্ৰতি সমৰ্থন জনাই কৰিমগঞ্জত ৬টাকৈ সংগঠনৰ সমদল

দিল্লীত অব্যাহত থকা কৃষক বিদ্ৰোহ আৰু অহা ৮ ডিচেম্বৰত আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰতি সমৰ্থন আগবঢ়াইছে কৰিমগঞ্জৰ বিভিন্ন দল-সংগঠনে । সোমবাৰে ভাৰত বন্ধৰ সমৰ্থনত কেইবাটাও সংগঠনৰ সদস্য একত্ৰিত হৈ এক সমদল উলিয়ায় ।

ভাৰত বন্ধৰ প্ৰতি সমৰ্থন জনাই কৰিমগঞ্জত দল-সংগঠনৰ সমদল
ভাৰত বন্ধৰ প্ৰতি সমৰ্থন জনাই কৰিমগঞ্জত দল-সংগঠনৰ সমদল

কৰিমগঞ্জ, ৭ ডিচেম্বৰ: দিল্লীৰ কৃষক বিদ্ৰোহৰ প্ৰতি সমৰ্থন আগবঢ়াই কৃষি আইন বাতিলৰ দাবী জনাই আহিছে অসমৰ কৃষক সমাজ আৰু জাতীয় দল-সংগঠনে । সমান্তৰালকৈ অহা ৮ ডিচেম্বৰত আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰতিও পূৰ্ণ সমৰ্থন আগবঢ়াইছে ।

সোমবাৰে কৰিমগঞ্জত ভাৰত বন্ধৰ সমৰ্থনত এক বিশাল সমদল উলিয়ায় ৬টাকৈ সংগঠনে । চৰকাৰী বিৰোধী ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে । শীঘ্ৰে কৃষক বিৰোধী আইন বাতিল কৰিবলৈ দাবী জনায় সংগঠনকেইটাই । অন্যথা সমগ্ৰ আন্দোলন তীব্ৰতৰ কৰাৰ হুংকাৰ দিয়ে । উল্লেখ্য যে, কৃষক সংগঠনৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীয়ে এখনৰ পিছত আনখন বৈঠকত মিলিত হোৱাৰ পিছতো কৃষকসকলৰ সমস্যাৰ সমাধান উলিয়াব পৰা নাই ।

ধাৰাবাহিকভাৱে প্ৰতিবাদ অব্যাহত ৰাখিছে কৃষকসকলে । দিন অতিবাহিত হোৱাৰ লগে লগে এই বিদ্ৰোহলৈ দেশৰ ভিন্ন প্ৰান্তৰ কৃষকেও সমৰ্থন আগবঢ়াইছে । বাৰম্বাৰ আহ্বান জনোৱাৰ পিছতো কেন্দ্ৰই নিজৰ সিদ্ধান্ত সলনি নকৰাত মঙলবাৰে ভাৰত বন্ধৰ আহ্বান জনাইছে কৃষক ইউনিয়নে ।

লগতে পঢ়ক:স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিলে ধেমাজিৰ বেতনবঞ্চিত শিক্ষকে

ABOUT THE AUTHOR

...view details