পাথাৰকান্দিত উত্তজিত ৰাইজে ভাঙি চুৰমাৰ কৰে ষ্টেচন মাষ্টাৰৰ কাৰ্যালয় - KARIMGANJ
যাত্ৰীয়ে ষ্টেচন মাষ্টাৰৰ কাৰ্যালয় লণ্ড-ভণ্ড কৰাৰ লগতে লুটি লৈ যায় 14 হাজাৰ টকা
![পাথাৰকান্দিত উত্তজিত ৰাইজে ভাঙি চুৰমাৰ কৰে ষ্টেচন মাষ্টাৰৰ কাৰ্যালয়](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2693748-422-ced1f9ec-db1b-47f1-ad13-b3572c3d4be3.jpg)
কৰিমগঞ্জ, 14মাৰ্চ: বৃহস্পতিবাৰে কৰিমগঞ্জৰ পাথাৰকান্দি ৰেল ষ্টেচনত এক অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হয় । তথ্য অনুসৰি ত্ৰিপুৰা সুন্দৰীএক্সপ্ৰেছ ট্ৰেইনৰ ষ্ট’পেজক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । উল্লেখ্য যে, দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত বৃহস্পতিবাৰৰ পৰা পাথাৰকান্দি ৰেল ষ্টেচনত ত্ৰিপুৰা সুন্দৰীএক্সপ্ৰেচ ট্ৰেইনখনৰ ষ্ট’পেজৰ কথা আছিল । সেইমতে বহু যাত্ৰীয়ে পাথাৰকান্দিৰ পৰা দেশৰ বিভিন্ন স্থানলৈ যোৱাৰ টিকট সংগ্ৰহ কৰিছিল কিন্তু উক্ত ট্ৰেইনখন পাথাৰকান্দি ষ্টেচনত নৰখোৱাত যাত্ৰীৰ মাজত হুৱা-দুৱাৰ সৃষ্টি হয় । একাংশ যাত্ৰীৰ লগতে স্থানীয় ৰাইজে ভাঙি চুৰমাৰ কৰে ষ্টেচন মাষ্টাৰৰ কাৰ্যালয় । আনহাতে এই সুযোগক কেন্দ্ৰ কৰি একাংশই লুটি নিয়েপ্ৰায় চৈধ্য হেজাৰ টকা ।