অসম

assam

কৰিমগঞ্জত ৰেগিঙৰ নামত ছাত্ৰক নিৰ্যাতন

By

Published : Aug 28, 2019, 11:07 AM IST

ছাত্ৰগৰাকীৰ অভিযোগ অনুসৰি তেওঁক একাংশ জেষ্ঠ ছাত্ৰই বিদ্যালয়ৰ নিলগিৰী হাউচ'লৈ মাতি নি ৰেগিঙৰ নামত শাৰিৰীক নিৰ্যাতন চলাই আৰু বেল্টৰে প্ৰহাৰ কৰে ৷ যাৰ ফলত ছাত্ৰ গৰাকী বৰ্তমানে অসুস্থ হৈ পৰিছে ৷

ৰেগিঙৰ নামত ছাত্ৰক নিৰ্যাতন

কৰিমগঞ্জ , 28 আগষ্টঃৰাজ্যত পুনৰ সংঘটিত হৈছে ৰেগিঙৰ দৰে ভয়ংকৰ ঘটনা৷ কৰিমগঞ্জৰ ৰামকৃষ্ণনগৰৰ হৰিনগৰ জৱাহৰ নবোদয় বিদ্যালয়ত ৰেগিঙৰ নামত জেষ্ঠ ছাত্ৰই কনিষ্ঠ ছাত্ৰৰ ওপৰত শাৰিৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে৷

ৰেগিঙৰ নামত ছাত্ৰক নিৰ্যাতন

ছাত্ৰ গৰাকীৰ অভিযোগ অনুসৰি, তেওঁক একাংশ জেষ্ঠ ছাত্ৰই বিদ্যালয়ৰ নিলগিৰী হাউচ'লৈ মাতি নি ৰেগিঙৰ নামত শাৰিৰীক নিৰ্যাতন চলাই আৰু বেল্টৰে প্ৰহাৰ কৰে ৷ যাৰ ফলত ছাত্ৰ গৰাকী বৰ্তমানে অসুস্থ হৈ পৰিছে ৷ সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাচত নিৰ্যাতিত ছাত্ৰ গৰাকীৰ পিতৃ সফিক উদ্দিনে ৰামকৃষ্ণনগৰ আৰক্ষী থানাত এখন গোচৰ ৰুজু কৰে ৷ উল্লেখ্য যে জৱাহৰ নবোদয় বিদ্যালয়ত এনে ঘটনা পূৰ্বতেও সংঘটিত হৈছে ৷ আনকি ৰেগিঙৰ বলি হোৱা আন এগৰাকী ছাত্ৰ বৰ্তমানে শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ আছে ৷ ইপিনে বিদ্যালয়খনত নিতৌ এনে ঘটনা সংঘটিত হৈ আহিছে যদিও এই ক্ষেত্ৰত বিদ্যালয় কৃতপক্ষই কোনো ব্যৱস্থা গ্ৰহন নকৰাৰো অভিযোগ কৰে ভুক্তভোগী সকলে ৷

ABOUT THE AUTHOR

...view details