কৰিমগঞ্জ, 11 ফেব্ৰুৱাৰীঃজীব শ্ৰেষ্ঠ মানৱৰ অমানৱীয় কাণ্ড ৷ মুকলি বজাৰত বিক্ৰী অজগৰৰ মাংস ৷ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে অজগৰ বিক্ৰীৰ চিত্ৰ ৷ উল্লেখ্য যে, বিগত কিছু মাহ পূৰ্বে নাগালেণ্ডৰ এখন গাঁৱত অজগৰৰ মাংস বিক্ৰীৰ ঘটনাই খলকনি তুলিছিল সামাজিক মাধ্যমত ৷ তেনে এক অনুৰূপ ঘটনা সংঘটিত হৈছে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত । উত্তৰ ত্ৰিপুৰাৰ জাম্পুই হিলচ এলেকাত মুকলি আকাশৰ তলত বিক্ৰী কৰা হৈছে অজগৰৰ মাংস ৷ একাংশ জনজাতীয় লোকে হাবিৰ পৰা ধৰি আনি বিক্ৰী কৰে এই মাংস ৷ জানিব পৰা মতে প্ৰতি কিলোত এহেজাৰ টকাত বিক্ৰী হয় অজগৰৰ মাংস ৷
ত্ৰিপুৰাত মুকলি বজাৰত বিক্ৰী অজগৰৰ মাংস - ত্ৰিপুৰা অজগৰৰ মাংস বিক্ৰী
উত্তৰ ত্ৰিপুৰাৰ জাম্পুই হিলচ এলেকাত মুকলিকৈ বিক্ৰী হৈছে অজগৰৰ মাংস ৷ একাংশ জনজাতীয় লোকে হাবিৰ পৰা ধৰি আনি বিক্ৰী কৰে এই মাংস ৷ জানিব পৰা মতে প্ৰতি কিলোত এহেজাৰ টকাত বিক্ৰী হয় অজগৰৰ মাংস ৷
ত্ৰিপুৰাত মুকলি বজাৰত বিক্ৰী অজগৰৰ মাংস
আনহাতে, একাংশ সচেতন নাগৰিকে এই ঘটনাৰ বাবে জগৰীয়া কৰিছে ত্ৰিপুৰাৰ বন বিভাগক ৷ বন বিভাগৰ দায়িত্বহীনতাৰ বাবেই এনেদৰে প্ৰাকৃতিক সম্পদসমূহৰ লগতে বন্য জীৱ জন্তুসমূহ নিশেষ হ'বলৈ ধৰিছে ৷
লগতে পঢ়ক-এটা ফেচবুক পোষ্ট দি বন্দুকৰ পথলৈ সমীৰণ..