কৰিমগঞ্জ, 29 মে’:দুনীতিৰ বিৰুদ্ধে সৰৱ হৈ আছে ৰাজ্যৰ প্ৰশাসন ব্যৱস্থা ৷ এইবাৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিৰ অন্তৰ্গত গোকিলাৰ আৰু ভুৰাংগা গাঁৱৰ ৰাইজে ৷ এই গাঁৱৰ ৰাইজে প্ৰধানমন্ত্ৰী গ্ৰামীণ চড়ক যোজনাৰ কামত হোৱা দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে ৷
ৰাইজে অভিযোগ কৰা অনুসৰি, গোকিলাৰ পৰা ভুৰাংগা গাঁও লৈকে নিৰ্মীয়মান প্ৰধানমন্ত্ৰী গ্ৰামীণ চড়ক যোজনাৰ কামত ব্যাপক দুৰ্নীতিৰ কৰিছে ঠিকাদাৰ প্ৰতাপ সিন্হাই । প্ৰায় 4.5 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মীয়মান পথচোৱা আধাতেই জহি-খহি যাবলৈ ধৰিছে ৷