অসম

assam

ETV Bharat / state

কৰিমগঞ্জ কাণ্ড : নিলাম বজাৰ আৰক্ষীক ধন্যবাদ জনালে পূজা কমিটিয়ে

দুৰ্গা পূজাৰ নৱমীৰ নিশা দুৰ্গা প্ৰতিমাৰ ঘট ভাঙিছিল তিনিজন অন্য সম্প্ৰদায়ৰ যুৱকে ৷ যাৰ পাছতেই সমগ্ৰ বৰাকতে সৃষ্টি হৈছিল তীব্ৰ উত্তেজনাৰ ৷ কিন্তু আৰক্ষীয়ে তাৎক্ষণিক ভাৱে ঘটনাৰ তদন্ত কৰি শ্বাজাহান হুচেইন, নাজিম উদ্দিন আৰু আতিকুৰ ৰহমান নামৰ তিনি অভিযুক্তক আটক কৰিবলৈ সক্ষম হৈছিল ৷

By

Published : Nov 2, 2020, 8:58 PM IST

puja commitee thanks to nilambazar police
কৰিমগঞ্জ কাণ্ডঃ নিলাম বজাৰ আৰক্ষীক ধন্যবাদ জনালে পূজা কমিটিয়ে

ৰিমগঞ্জ, 2 নৱেম্বৰ :কৰিমগঞ্জৰ নিলাম বজাৰৰ ইশ্বৰশ্ৰী ক্লাৱৰ পূজাস্থলীত নৱমী পূজাৰ নিশা সংঘটিত অপ্ৰীতিকৰ ঘটনাৰ পাছতে নিলাম বজাৰ আৰক্ষীয়ে তাৎক্ষণিক ভাৱে লোৱা পদক্ষেপক আদৰণি জনাইছে স্থানীয় পূজা কমিটিয়ে ৷ সোমবাৰে কৰিমগঞ্জৰ ইশ্বৰশ্ৰী গাঁৱৰ এক সংবাদমেলৰ আয়োজন কৰি পূজা সমিতিৰ কৰ্মকৰ্তাই উক্ত অবাঞ্চনীয় ঘটনাৰ দোষীক কৰায়ত্ত কৰি শান্তি সম্প্ৰীতি ৰক্ষা কৰাত আৰক্ষীৰ ভূমিকাক প্ৰশংসা কৰে ৷

উল্লেখ্য যে, দুৰ্গা পূজাৰ নৱমীৰ নিশা দুৰ্গা প্ৰতিমাৰ ঘট ভাঙিছিল তিনিজন অন্য সম্প্ৰদায়ৰ যুৱকে ৷ যাৰ পাছতেই সমগ্ৰ বৰাকতে সৃষ্টি হৈছিল তীব্ৰ উত্তেজনাৰ ৷ কিন্তু আৰক্ষীয়ে তাৎক্ষণিক ভাৱে ঘটনাৰ তদন্ত কৰি শ্বাজাহান হুচেইন , নাজিম উদ্দিন আৰু আতিকুৰ ৰহমান নামৰ তিনি অভিযুক্তক আটক কৰিবলৈ সক্ষম হৈছিল ৷

লগতে পঢ়ক: JEE কেলেংকাৰী : 7 দিনৰ আৰক্ষী জিম্মালৈ মূল অভিযুক্ত ভার্গৱ ডেকা

ABOUT THE AUTHOR

...view details