কৰিমগঞ্জ, 24 অক্টোবৰ:আজি মহাষ্টমী ৷ কৰ'ণা আতংকৰ মাজতে ৰাজ্যবাসীয়ে অনুষ্টুপীয়াকৈ দুৰ্গা পূজা পালন কৰিছে যদিও শুকুৰবাৰৰ পৰা নেৰানেপেৰা বৰষুণৰ বাবে ৰাইজৰ মাজত কিছু পৰিমাণে ম্লান পৰিছে পূজাৰ উচাহ ৷
আজি মহাষ্টমী উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ কৰিমগঞ্জতো চলিছে পূজাৰ আয়োজন ৷ জিলাখনৰ ৰামকৃষ্ণ মিছনৰ পূজাস্থলীখনত প্ৰতি বছৰে যথেষ্ট ভক্তৰ সমাগম ঘটে যদিও এইবাৰ কৰ'ণা ভাইৰাছৰ বাবে পূজাস্থলীত ভিৰ কমিছে ভক্তৰ ৷ পূজা সমিতিয়ে স্বাস্থ্য বিভাগৰ নিয়ম মানি ক'ভিড প্ৰটকলৰ মাজেৰে আয়োজন কৰিছে এই পূজা ৷ মন্দিৰৰ প্ৰৱেশ পথত প্ৰথমতে ভক্তসকলক ছেনিটাইজাৰ প্ৰদান কৰাৰ লগতে সীমিত সংখ্যক ভক্তৰ প্ৰৱেশৰ অনুমতি দিয়া হৈছে পূজাস্থলীত ৷