অসম

assam

ETV Bharat / state

কৰিমগঞ্জত অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

দীৰ্ঘ দিন ধৰি অনিয়মীয়া বিদ্যুৎ যোগান ব্যৱস্থাত ক্ষুব্ধ হৈ কৰিমগঞ্জৰ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰে ৰাইজে ৷ অতি শীঘ্ৰে নিয়মীয়া বিদ্যুৎ সেৱা যোগান ধৰিবলৈ আহ্বান জনাইছে প্ৰতিবাদকাৰী সকলে ৷

By

Published : Aug 6, 2020, 6:38 PM IST

Public Protest Fo Electrisity At Karimganj
কৰিমগঞ্জত অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

কৰিমগঞ্জ, 6 আগষ্টঃ কৰিমগঞ্জৰ নিলাম বজাৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বৃহস্পতিবাৰে ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ জিলাখনত দীৰ্ঘ দিন ধৰি নিয়মীয়া বিদ্যুৎ যোগান ব্যৱস্থাৰ পৰা বঞ্চিত হোৱাত ক্ষুব্ধ হৈ পৰে ৰাইজ ৷

কৰিমগঞ্জত অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

উল্লেখ্য যে, কৰিমগঞ্জ জিলাত অনিয়মীয়া বিদ্যুৎ যোগান ব্যৱস্থাত জলা-কলা খাবলগীয়া হৈছে সৰ্ব সাধাৰণ ৰাইজে । 24 ঘন্টাৰ ভিতৰত ভালদৰে 4/5 ঘন্টা সময়ো বিদ্যুৎ নিয়মীয়াকৈ নাথাকে বুলি গুৰুতৰ অভিযোগ তুলিছে ৰাইজে ৷ । সামান্য বতাহ বৰষুণতেই দুই- তিনি দিন পৰ্যন্ত বিদ্যুৎ বিহীন অৱস্থাত অন্ধকাৰৰ মাজতেই থাকিব লগীয়া হৈছে ৰাইজে ।

আনহাতে, বিদ্যুৎ যোগান স্বাভাৱিক থকা সময়ত ভল্টেজ কম থকাৰ কাৰণে, বিদ্যুৎ যোগান থকা -নথকা একেই অৱস্থাৰ সৃষ্টি হৈছে । কি চহৰ, কি নগৰ কৰিমগঞ্জ জিলাৰ সৰ্বত্ৰে এতিয়া একেই অৱস্থা । বিদ্যুৎ সেৱা নিয়মীয়া নোহোৱাৰ কাৰণে বিভিন্ন সমস্যাৰ সম্মুখীন হৈছে কৰিমগঞ্জৰ ৰাইজ । তাৰোপৰি বিদ্যুৎ সেৱা নিয়মীয়া নোহোৱাৰ ফলত এতিয়া ছাত্ৰ-ছাত্ৰী সকল পঢ়া শুনাকে ধৰি খোৱা পানীৰ কাৰনেও দুৰ্ভোগ ভুগীবলগীয়া হৈছে ৰাইজে ৷

আনহাতে অঞ্চলটোৰ ৰাইজে বিদ্যুৎ যোগান ব্যৱস্থা নিয়মীয়া কৰিবলৈ বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছিল যদিও ৰাইজৰ আহ্বানৰ প্ৰতি কোনো গুৰুত্ব নিদিয়া বুলি গুৰুতৰ অভিযোগ কৰে ৰাইজে ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে নিলামবজাৰ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰে ৰাইজে । ইফালে ৰাইজৰ অভিযোগৰ প্ৰতি সহাৰি জনাই ৰাইজৰ এই সমস্যা সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে বিষয়া গৰাকীয়ে ।

লগতে পঢ়ক- শোণিতপুৰৰ সংঘৰ্ষস্থলীত অব্যাহত সান্ধ্য আইন

ABOUT THE AUTHOR

...view details