কৰিমগঞ্জ,21 জানুৱাৰীঃ কৰিমগঞ্জত চৰকাৰৰ বিৰোধিতাৰে ওলাই আহিল সহস্ৰাধিক জনতা ৷ পাথাৰকান্দি সমষ্টিৰ দোহালিয়াত মডিকেল কলেজ স্থাপন কৰাৰ দাবীত ৰাজপথলৈ ওলাই আহিল জনতা ৷ উল্লেখযোগ্য যে, বিগত লোক সভা নিৰ্বাচনত স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পাথাৰকান্দি আৰু ৰাতাবাড়ি সমষ্টিৰ পৰা কৃপানাথ মাল্লাক অধিক ভোটৰ ব্যৱধানত জয়ী কৰাব পাৰিলে সমষ্টিটোত এখন মেডিকেল কলেজ স্থাপন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷
পাথাৰকান্দিত মেডিকেল কলেজ স্থাপনৰ দাবীত প্ৰতিবাদ - মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা
পাথাৰকান্দি সমষ্টিৰ দোহালিয়াত মডিকেল কলেজ স্থাপন কৰাক লৈ ৰাজপথলৈ ওলাই আহিল জনতা ৷ উল্লেখযোগ্য যে, বিগত লোকসভা নিৰ্বাচনত স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পাথাৰকান্দি আৰু ৰাতাবাড়ি সমষ্টিৰ পৰা কৃপানাথ মাল্লাক অধিক ভোটৰ ব্যৱধানত জয়ী কৰাব পাৰিলে সমষ্টিটোত এখন মেডিকেল কলেজ স্থাপন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷
পাথাৰকান্দিত মেডিকেল কলেজ স্থাপনৰ দাবীত প্ৰতিবাদ
ইপিনে সম্প্ৰতি কৃপানাথ মাল্লা অধিক ভোটৰ ব্যৱধানত জয় লাভ কৰাৰ পিছতো সমষ্টিটোত মেডিকেল কলেজৰ কাম নোহোৱাত ৰাজপথলৈ জনতা ওলাই আহিবলৈ বাধ্য হৈছে জনতা ৷ মন কৰিব লগীয়া যে,স্থানীয়ে ৰাইজে মডিকেল কলেজ খন স্থাপনৰ কাৰণে ইতিমধ্যে 256 বিঘা ভূমি দান কৰিছে ৷ প্ৰতিবাদকাৰীয়ে আগন্তুক এসপ্তাহৰ ভিতৰত সমষ্টিটোত আধাৰশিলা স্থাপন নকৰিলে বৃহত্তৰ গণ আন্দোলন কৰাৰ ভাবুকি প্ৰদান কৰিছে ৷
লগতে পঢ়কঃ ভূটান আৰু বাংলাদেশলৈ কৰ'ণা প্ৰতিষেধক প্ৰদান