কৰিমগঞ্জ,২৭ ফেব্ৰুৱাৰী :নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ প্ৰতিটো সমষ্টিতে বিধায়কসকল ব্যস্ত হৈ পৰিছে ৰাইজৰ উন্নয়নমূলক আঁচনি ৰূপায়ণৰ বাবে । বিগত সময়ত সমষ্টিত কৰা উন্নয়নৰ বুজ লোৱা দেখা গৈছে বিধায়কসকলক । কিন্তু কৰিমগঞ্জত ইয়াৰ ওলোটা ছবি দেখা গৈছে । দক্ষিণ কৰিমগঞ্জ সমষ্টিত বিধায়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে গাঁৱৰ একাংশ ৰাইজে ।
স্থানীয় বিধায়ক আজিজ আহমেদ খানৰ বিৰুদ্ধে সৰৱ হ'ল দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ অন্তৰ্গত কৰইবাৰী গাঁওৰ ৰাইজ । পথ নিৰ্মাণৰ প্ৰতিশ্ৰুতিৰে ৰাইজৰ পৰা ভোট আদায় কৰি অৱশেষত প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ বিধায়ক আজিজ আহমেদ খানৰ বিৰুদ্ধে । সেয়ে বিধায়ক আজিজ খান মুৰ্দাবাদ ধ্বনিৰে গাঁৱৰ ৰাইজে এইবাৰ ভোট বৰ্জনৰ সিদ্ধান্ত হাতত লৈছে ।