বদৰপুৰ, 4 নৱেম্বৰঃবদৰপুৰ পৌৰসভাত চলি অহা ব্যাপক অনিয়মৰ বিৰুদ্ধে সোমবাৰে ওলাই আহে পৌৰসভাৰ অধীনৰ শ-শ ৰাইজ ৷ স্থানীয় ৰাইজে বিগত বৰ্ষসমূহত উন্নয়ন সাধনত সম্পূৰ্ণ ব্যৰ্থ হোৱা বদৰপুৰ পৌৰসভাৰ বিৰুদ্ধে এখন জনসভাৰ আয়োজন কৰে ৷ 56 বছৰ অতিক্ৰম কৰা বদৰপুৰ পৌৰসভাৰ বহু অঞ্চলত এতিয়াও নাই সাধাৰণ সুবিধা ৷ যাৰ বাবে ৰাইজে বদৰপুৰ চহৰ উন্নয়ন পৰিষদ নামৰ সংগঠনৰ দ্বাৰা আগন্তুক পৌৰসভা নিৰ্বাচনত নিজাকৈ প্ৰতিনিধি প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷
লগতে পঢ়কঃ ৰাজ্য কঁপাইছে মধ্যাহ্ন ভোজন কৰ্মীৰ প্ৰতিবাদে
বৰ্তমানে বিজেপিৰ শাসনত থকা পৌৰসভাৰ চেয়াৰমেন বাপী ৰায় কৰ্মকাৰৰ বিৰুদ্ধেও স্থানীয় ৰাইজে উত্থাপন কৰে শোষণ তথা দুৰ্নীতিৰ অভিযোগ ৷ বদৰপুৰ পৌৰসভাৰ অধীনৰ বেছিভাগ অঞ্চলতে নাই খোৱাপানীকে ধৰি ষ্ট্ৰীট লাইট, পানী নিষ্কাশণৰ বাবে উপযুক্ত নলা-নৰ্দমা আৰু উন্নত বাট-পথ ৷ বিগত চাৰি বছৰে বিজেপিৰ শাসনত থকা পৌৰসভাত অন্যান্য দিশসমূহটো সংঘটিত হৈছে ব্যাপক অনিয়ম ৷ যাৰ বাবে অঞ্চলবাসী ৰাইজে এইদৰে বৃহৎহাৰে ওলাই আহি একপ্ৰকাৰে বিজেপি দলক প্ৰত্যাহ্বান আগবঢ়ায় ৷
56 বছৰ সম্পূৰ্ণ কৰা বদৰপুৰ পৌৰসভাত আজিৰ দিনটো এইদৰে উন্নয়ন সাধন নোহোৱাৰ ফল বিজেপিয়ে আগন্তুক দিনত ভোগ কৰিব লাগিব বুলি বদৰপুৰ চহৰ উন্নয়ন পৰিষদে সকীয়নি প্ৰদান কৰে ৷ আনহাতে আগন্তুক পৌৰসভা নিৰ্বাচনত পৰিষদে নিজাৱবীয়াকৈ প্ৰতিনিধি প্ৰদান কৰাৰ বিষয়েও উল্লেখ কৰে পৰিষদৰ এগৰাকী নেতাই ৷