কৰিমগঞ্জ, 21 এপ্ৰিল : দেশজুৰি চলি থকা লক ডাউনৰ ফলত দুবেলা দুমুঠি অন্ন যোগাৰ কৰিবলৈ অপাৰগ হৈছে বহু লোক ৷ তেনে ক্ষেত্ৰত এনে দৰিদ্ৰ লোক সকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে চৰকাৰৰ লগতে বহু দল-সংগঠন,স্বেচ্ছাসেৱী সংস্থা তথা ব্যক্তি বিশেষ ৷ অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ আহ্বান মৰ্মে বিজেপিৰ নেতা কৰ্মীসকলেও নিজৰ নিজৰ এলেকাত দৰিদ্ৰ লোকসকলৰ বাবে সামৰ্থ অনুযায়ী খাদ্য সামগ্ৰী আগবঢ়াইছে । অনুৰূপ ভাৱে ৰাতাবাৰী সমষ্টিতো বিধায়ক লক্ষণ মালাকাৰ আৰু মণ্ডল কৰ্মকৰ্তাৰ উদ্যোগত প্ৰায় পচিশ হাজাৰ পৰিয়ালৰ হাতত খাদ্য সামগ্ৰী প্ৰদান কৰাৰ কাম আৰম্ভ হৈছিল । কিন্তু খাদ্য বিলাই দিয়াৰ সময়ত এটা উৰা বাতৰিয়ে সৃষ্টি কৰিলে অনাকাংখিত পৰিস্থিতিৰ ।
লক ডাউনঃ ৰাজপথত শতাধিক ৰাইজৰ সমদল - কৰিমগঞ্জ, 21 এপ্ৰিল
শতাধিক লোকৰ সমদলে লক ডাউনৰ মাজতো ডেৰ কিলোমিটাৰ পথ অতিক্ৰম কৰি কেকড়াগুল গাঁৱৰ পৰা নিভিয়া আৰক্ষী অনুসন্ধান চকীত গোচৰ দিয়াৰ উদ্দেশ্যেৰে উপস্থিত হোৱাক কেন্দ্ৰ কৰিও সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ।
একাংশই বিয়পাই দিছিল যে,খাদ্য সামগ্ৰীৰ টোপোলাত আৰু যথেষ্ট পৰিমাণৰ সামগ্ৰী আছিল । যি সামগ্ৰী সমুহ ৰাইজক প্ৰদান নকৰাকৈ বক্ৰ পথেৰে বিক্ৰী কৰি দিয়া হৈছে। আৰু এই কথা বিয়পি পৰাৰ লগে লগে চাহ জনগোষ্ঠীৰ সহজ সৰল লোকক এটা চক্ৰই বিপথে পৰিচালিত কৰি ৰাজপথলৈ লৈ আনে । আনকি এই সমদলত ভাগ লয় বহিঃৰাজ্যৰ পৰা উভতি আহি হোম কোৱাৰেন্টাইত থকা একাংশ লোকেও । এগৰাকী আশা কৰ্মী আৰু মহিলা সমিতিৰ কিছু নেত্ৰীৰ বিৰুদ্ধে ৰাইজক উচটনি দিয়াৰ অভিযোগ উত্থাপিত হৈছে । তদুপৰি শতাধিক লোকৰ সমদলে লক ডাউনৰ মাজতো ডেৰ কিলোমিটাৰ পথ অতিক্ৰম কৰি কেকড়াগুল গাঁৱৰ পৰা নিভিয়া আৰক্ষী অনুসন্ধান চকীত গোচৰ দিয়াৰ উদ্দেশ্যেৰে উপস্থিত হোৱাক কেন্দ্ৰ কৰিও সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। লক ডাউনৰ নিৰ্দেশনাক ভৰিৰে মোহাৰি এনেদৰে সমদল কৰিবলৈ উচতনি দিয়া লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে অঞ্চলটোৰ সচেতন ৰাইজে ৷
লগতে পঢ়ক : কেন্দ্ৰীয় স্বাস্থ্য বিভাগৰ যুটীয়া সচিবৰ সংবাদমেল LIVE