নলবাৰী,26 মাৰ্চঃৰাজ্যত লক ডাউন চলি থকাৰ সময়তে আৰ্তজনক বিভিন্নজনে কৰা সহায়ৰ খবৰে বিশেষ চৰ্চা লাভ কৰিছে ৰাজ্যত ৷ ৰাজ্যৰ একাংশ সচেতন লোকে পদপথত বাস কৰা ব্যক্তিক দেশৰ সংকটকালতো খাদ্য যোগান ধৰি মহানুভৱতাৰ পৰিচয় দিছে ৷ বাদ পৰা নাই আৰক্ষীয়ো ৷ লক ডাউনৰ প্ৰথমদিনা আৰক্ষীয়ে সাধাৰণ লোকক ঘৰৰ বাহিৰলৈ অহাৰ অজুহাতত মাৰধৰ কৰাৰ দৃশ্য সম্প্ৰচাৰিত হৈছিল ছ’চিয়েল মেডিয়াত ৷ কিন্তু খাকী পোছাকধাৰীৰ মাজৰে একাংশই আকৌ আৰ্তজনক সহায় কৰি বিশেষ চৰ্চা লাভ কৰা দেখা গৈছে ৷ বৃহস্পতিবাৰে এনে এক দৃশ্য ছ’চিয়েল মিডিয়াযোগে ভাইৰেল হৈ খবৰৰ শিৰোনাম দখল কৰে ৷ দৃশ্যটো হৈছে নলবাৰী সদৰ থানাৰ এগৰাকী আৰক্ষীৰ ৷ আৰক্ষী গৰাকীৰ মহানুভৱতাৰ এই দৃশ্যই আকৰ্ষিত কৰে সকলোকে ৷
খাদ্যৰ অভাৱত অনাই-বনাই ঘুৰি ফুৰা এগৰাকী নিৰাশ্ৰয়ী মহিলাক নলবাৰীৰ এজন আৰক্ষী বিষয়াই যোগান ধৰে খাদ্যৰ । কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ স্বাৰ্থত চৰকাৰে আহ্বান জনোৱা লক ডাউন সফল কৰিবলৈ আৰক্ষীয়ে কঠোৰ ভূমিকা গ্ৰহণ কৰাৰ সময়ত নলবাৰী সদৰ আৰক্ষী থানাৰ টাউন ডাৰোগা বিশ্বজ্যোতি দুৱৰীয়ে নিৰাশ্ৰয়জনৰ প্ৰতি দেখুওৱা এই কাৰ্যই খাকী পোছাকধাৰী আৰক্ষীৰো যে এখনি কোমল হৃদয় আছে সেই কথা প্ৰতিপন্ন কৰে ৷ কৰ্তব্যৰ তাগিদাত কেতিয়াবা আৰক্ষী কঠোৰ হ'লেও অন্তৰত থাকে মানৱীয়তাৰ সূক্ষ্ম অনুভূতি ৷