কৰিমগঞ্জ,22 মেঃদূৰ্ঘটনাত নিহত হোৱা মহিলাৰ মৃতদেহৰ সৈতে কৰিমগঞ্জৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ৰাইজৰ । কৰিমগঞ্জৰ চৰিছা এলেকাত পথৰ মাজত মৃতদেহ ৰাখি আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে ৷
উল্লেখ্য যে, চৰিছা এলেকাত বহস্পতিবাৰে ই-ৰিক্সা আৰু অটোৰ মুখামুখি সংঘৰ্ষত আন চাৰিজন আহত হোৱাৰ লগতে পথৰ দাতিত থিয় ৰৈ থকা ইলা ৰানী দে নামৰ এগৰাকী মহিলা গুৰুতৰভাৱে আহত হৈছিল । আহত মহিলাগৰাকীক শিলচৰ মেডিকেল কলেজলৈ লৈ যোৱাৰ সময়তেই মহিলাগৰাকীৰ মৃত্যুমুখত পৰে ।