অসম

assam

ETV Bharat / state

বিদ্যুতৰ লুকা-ভাকুক লৈ কৰিমগঞ্জত ABVPৰ প্ৰতিবাদ

বিদ্যুৎ বিভাগৰ লগতে স্থানীয় বিধায়কৰ বিৰুদ্ধেও ক্ষোভিত হৈ পৰিছে অখিল ভাৰতীয় বিদ্যৰ্থী পৰিষদ ৷ বিদ্যুত যোগানৰ অনিয়মৰ বাবেই সাব্যস্ত হয় এই প্ৰতিবাদ ৷

অখিল ভাৰতীয় বিদ্যৰ্থী পৰিষদৰ ক্ষোভ
অখিল ভাৰতীয় বিদ্যৰ্থী পৰিষদৰ ক্ষোভ

By

Published : Aug 7, 2020, 3:55 PM IST

কৰিমগঞ্জ, 7 আগষ্টঃ কৰিমগঞ্জত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে শুকুৰবাৰে ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ বিদ্যুতৰ অনিয়মিত যোগানৰ বিৰুদ্ধে ক্ষোভিত হৈ সংগঠনটোৱে বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সমুখত ৰূপায়ন কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷

অখিল ভাৰতীয় বিদ্যৰ্থী পৰিষদৰ ক্ষোভ

উল্লেখ্য যে, সংগঠনটোয়ে বিদ্যুৎ বিভাগৰ লগতে উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ বিৰুদ্ধেও ক্ষোভিত হৈ পৰিছে ৷ কিয়নো 2016 চনৰ বিধানসভা নিৰ্বাচনত 24 ঘণ্টীয়া বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি দিছিল নেতাজনে ৷ কিন্তু নিৰ্বাচনত জয়ী হোৱাৰ পাচত ৰাখিব নোৱাৰিলে সেই প্ৰতিশ্ৰুতি ৷

প্ৰচণ্ড গৰমত বিদ্যুতৰ অনিয়মিত যোগানৰ বাবে অস্বস্তিত পৰিছে উত্তৰ কৰিমগঞ্জৰ জনতা ৷ সেয়ে এই ধৰণৰ প্ৰতিবাদেৰে উত্তাল কৰা হৈছে বিদ্যুৎ বিভাগৰ কাৰ্যালয় ৷

লগতে পঢ়কঃনলবাৰীৰ মীন উন্নয়ন বিষয়াৰ কাৰ্যালয়ত নাই কৰ'ণা আক্ৰান্ত ব্যক্তি

ABOUT THE AUTHOR

...view details